নতুন দিল্লী, 22 জুন: 2019-20 বৰ্ষৰ দেশৰ কেন্দ্ৰীয় পূৰ্ণাংগ বাজেটৰ নথি-পত্ৰ ছপা কৰাৰ পূৰ্বে বিত্ত মন্ত্ৰণালয়ত পৰম্পৰাগত ভাৱে অনুষ্ঠিত হয় "হালৱা চেৰিমনি" ৷ টুইটাৰযোগে এই কথা আনুষ্ঠানিক ভাৱে প্ৰকাশ কৰে বিত্ত মন্ত্ৰণালয়য়ে ৷ শনিবাৰে বিত্ত মন্ত্ৰণালয়ৰ নৰ্থ ব্লকত অনুষ্ঠিত এই অনুষ্ঠানত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, বিত্ত ৰাজ্য মন্ত্ৰী অনুৰাগ ঠাকুৰকে ধৰি উপস্থিত থাকে বিত্ত সচিব সুভাস চন্দ্ৰ গাৰ্গৰ লগতে বিভাগটোৰ কেইবা গৰাকী উচ্চপদস্থ বিষয়-ববীয়া ৷ আগন্তক 5 জুলাইত শাসনাধিষ্ঠ এন ডি এ চৰকাৰৰ 2019-20 বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷
কেন্দ্ৰীয় বাজেটৰ পূৰ্বে কিয় "হালৱা চেৰিমনি" - নৰ্থ ব্লক
2019-20 বৰ্ষৰ পূৰ্ণাংগ বাজেটৰ নথি-পত্ৰ ছপা কৰাৰ পূৰ্বে বিত্ত মন্ত্ৰণালয়ত অনুষ্ঠিত হয় "হালৱা চেৰিমনি" ৷ মন্ত্ৰণালয়ৰ নৰ্থ ব্লকত আয়োজিত অনুষ্ঠানত উপস্থিত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ৷
এই "হালৱা চেৰিমনি" অনুষ্ঠিত কৰা উদ্দেশ্য এয়াই যে, এই অনুষ্ঠানটোৰ পাচতেই বিভাগটোৰ যথেষ্ট সংখ্যক বিষয়া বাজেটৰ নথি-পত্ৰ ছপাৰ কামত প্ৰত্যক্ষ ভাৱে জড়িত হৈ পৰিব ৷ উল্লেখ্য যে, লোকসভাত বাজেট দাখিল নকৰা পৰ্যন্ত মন্ত্ৰণালয়তে থাকিব লাগিব লগতে পৰিয়ালৰ সৈতে কোনো ধৰণৰ যোগাযোগ ৰাখিব নোৱাৰিব বাজেটৰ নথি-পত্ৰ ছপা কামত জড়িত বিষয়া সকল ৷ এই নিৰ্দিষ্ট সময়চোৱাত বাহিৰৰ কোনো ব্যক্তি বিশেষৰ লগত ম'বাইল তথা কোনো যোগাযোগ মাধ্যমতে সংযোগ স্থাপন কৰিব নোৱাৰিব নিয়োজিত বিষয়াসকলে ৷ কিছু জেষ্ঠ বিষয়াকহে ঘৰলৈ যাবলৈ অনুমতি প্ৰদান বিত্ত মন্ত্ৰণালয়ৰ ৷ কিন্তু বাজেট সম্বন্ধীয় সকলো গোপনীয়তা অটুত ৰাখিব লাগিব অনুমতি লাভ কৰা বিষয়াসকলে ৷