নিউজ ডেস্ক,১৩ জুনঃ কেন্দ্ৰীয় চৰকাৰে খাদ্য প্ৰস্তুতকৰণ আৰু তাৰ মূল্য নিৰ্ধাৰণৰ বাবে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । ফ্ৰজেন পৰঠা আৰু মালৱাৰ পৰঠা,দক্ষিণ ভাৰতীয় ফ্লেট ব্ৰড,সমান্তৰাল ভাৱে উত্তৰ ভাৰতৰ পৰঠাৰ কৰ ১৮% আৰু সাধাৰণ পৰঠাত ৫ % কৰ হে সংগ্ৰহ কৰিব পাৰিব ।
ইয়াকে লৈ চ'ছিয়েল মিডিয়াত ১০০০ ৰ অধিক টুইট কৰিছে বিভিন্ন জনে । শেহতীয়াভাৱে কৰ্ণাটকত ৩ৰ পৰা ৭ দিন এই বিষয়টোক লৈ ব্যাপক আলোচনা হোৱা দেখিবলৈ পোৱা গৈছে ১৮% জি এছ টি আৰু সাধাৰণ পৰঠাত ৫% জি এছ টি প্ৰয়োগ কৰাত । ইপিনে ফ্ৰজেন পৰঠা সমূহ পেকেটিং আৰু ব্ৰেণ্ডে়ড হোৱাৰ বাবে অধিক কৰ লোৱা বুলি জানিব পৰা গৈছে ।