নেশ্যনেল ডেস্ক, ৬ অক্টোবৰ: সমগ্ৰ দেশতে কৃষি আইনৰ বিৰোধিতাৰে কংগ্ৰেছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে পুনৰ বি জে পি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। মঙলবাৰে পঞ্জাৱৰ পাটিয়ালাত সংবাদমেলযোগে কেন্দ্ৰীয় চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। সংবাদমেলত তেওঁ কয় যে, 'যেতিয়া সমগ্ৰ দেশকে অৱনতিৰ দিশে থেলি দিয়া হৈছে, সেই সময়ত মোৰ সৈতে আৰক্ষীয়ে থেলা-হেঁচা কৰাতো কোনো ডাঙৰ কথা নহয়।
হাথৰসৰ নিৰ্যাতিতাৰ পৰিয়ালক লগ কৰিবলৈ যাওঁতে এইখিনি কষ্ট পোৱাতো সাধাৰণ কথা। ই একো প্ৰভাৱ পেলাব নোৱাৰে।' লগতে জনতা আৰু কৃষকৰ ৰক্ষা কৰাতো কৰ্তব্য বুলি মন্তব্য কৰে ৰাহুল গান্ধীয়ে। কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি তেওঁ কয় যে, এই চৰকাৰ খন এনেকুৱা এখন চৰকাৰ যে, যদি চৰকাৰৰ বিৰুদ্ধে থিয় দিব বিচাৰে তেন্তে আপোনাক গতিয়াই দিব, আপোনাৰ ওপৰত লাঠিচালনা কৰিব। কিন্তু এই সকলোবোৰৰ বাবে কংগ্ৰেছ সাজু আছে বুলি মন্তব্য কৰে। আটাইতকৈ ডাঙৰ আঘাত হাথৰসৰ পীড়িতাৰ পৰিয়ালক দিয়া হৈছে।