অসম

assam

ETV Bharat / bharat

"আপোনালোক অপাৰজেয় নহয়" : কৰ'ণা ভাইৰাছ সম্পৰ্কত যুৱচামক সতৰ্কবাণী - WHO ৰ মুৰব্বীৰ সতৰ্কবাণী

মৃত্যুদূতত পৰিণত কৰ’ণা ভাইৰাছক গুৰুত্ব সহকাৰে ল'বলৈ যুৱচামক বাৰ্তা প্ৰেৰণ কৰিছে WHO ৰ মুৰব্বীয়ে ৷ এক ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে যুৱচামলৈ সতৰ্কবাণী প্ৰেৰণ কৰে তেডৰ'ছ এডহন'ম ঘেব্ৰেইছিয়াছে ৷

বিশ্ব স্বাস্থ্য সংস্থাৰ বাৰ্তা
কৰ'ণা ভাইৰাছ সম্পৰ্কত যুৱচামক সতৰ্কবাণী

By

Published : Mar 21, 2020, 1:54 PM IST

Updated : Mar 21, 2020, 3:18 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 21 মাৰ্চ : বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) মুৰব্বীয়ে শুকুৰবাৰে কৰ'ণা ভাইৰাছ সম্পৰ্কত সমগ্ৰ বিশ্বৰ যুৱচামলৈ সতৰ্কবাণী প্ৰেৰণ কৰিছে ৷ যুৱচামক উদ্দেশ্যি তেওঁ কয় যে, কৰ'ণা ভাইৰাছৰ দৰে মহামাৰীৰ বিৰুদ্ধে আপোনালোক অপৰাজেয় নহয় আৰু যুৱচামৰ আত্মসংযমৰ ফলত বয়োজ্যেষ্ঠ লোকৰো প্ৰাণ ৰক্ষা পৰিব৷

উল্লেখ্য যে, কৰ'ণা ভাইৰাছে বৰ্তমানলৈকে 2,10,000 লোকক আক্ৰান্ত কৰাৰ লগতে 10,000 লোকৰ প্ৰাণ কাঢ়ি নিছে ৷

WHO ৰ মুৰব্বী তেডৰ'ছ এডহন'ম ঘেব্ৰেইছিয়াছে জেনেভাত এক ভিডিঅ' কনফাৰেন্সত কয়, "আজি যুৱচামৰ বাবে মই এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰো ৷ আপোনালোক অপৰাজেয় নহয় ৷ এই ভাইৰাছে আপোনালোকক বহু সপ্তাহৰ বাবে হাস্পতালত ৰখাৰ লগতে প্ৰাণ ল'বও পাৰে ৷ আপুনি যদিও আক্ৰান্ত হোৱা নাই তেন্তে কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে কি কাৰ্যপন্থা গ্ৰহণ কৰিছে সেয়া অতি গুৰুত্বপূৰ্ণ ৷ আপোনাৰ পদক্ষেপৰ ফলত কোনো এজন লোকৰ জীৱন ৰক্ষা পৰিব পাৰে ৷"

আৰু পঢ়ক : কৰ’ণা ভাইৰাছৰ সম্প্ৰসাৰণ ৰোধ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা মোডীৰ

Last Updated : Mar 21, 2020, 3:18 PM IST

ABOUT THE AUTHOR

...view details