অসম

assam

ETV Bharat / bharat

চীনৰ গৱেষণাগাৰত ভাইৰাছৰ উৎপত্তিৰ সম্ভাৱনা নাই: বিশ্ব স্বাস্থ্য সংস্থা - বিশ্ব স্বাস্থ্য সংস্থা

চীনৰ য়ুহান চহৰ পৰ্যবেক্ষণৰ পিছত বিশ্ব স্বাস্থ্য় সংস্থাৰ বিশেষ তদন্তকাৰী দলৰ একাংশ সদস্য়ৰ কয় যে, কৰ’ণা ভাইৰাছৰ উৎপত্তিস্থল গৱেষণাগাৰ নহয় । একাংশৰ মতে বিভিন্ন প্ৰকাৰৰ জীৱৰ পৰা এই ভাইৰাছ সংক্ৰমিত হৈ মানুহৰ দেহলৈ বিয়পিছে ।

চীনৰ গৱেষণাগাৰৰ পৰা ভাইৰাছৰ উৎপত্তিৰ সম্ভাৱনা নাই: বিশ্ব স্বাস্থ্য সংস্থা
চীনৰ গৱেষণাগাৰৰ পৰা ভাইৰাছৰ উৎপত্তিৰ সম্ভাৱনা নাই: বিশ্ব স্বাস্থ্য সংস্থা

By

Published : Feb 10, 2021, 7:52 PM IST

নিউজ ডেস্ক , ১০ ফেব্ৰুৱাৰী:কৰ'ণা ভাইৰাছৰ উৎপত্তিক লৈ বিভিন্ন মহলত এতিয়াও চৰ্চা অব্য়াহত আছে । একাংশৰ মতে ভাইৰাছ চীনৰ এখন বজাৰৰ জীৱ-জন্তুৰ পৰা উৎপত্তি হৈছিল । তাৰ বিপৰীতে একাংশই দাবী কৰিছিল যে ভাইৰাছ চীনৰ গৱেষণাগাৰৰ পৰা উৎপত্তি হৈছিল ।

এই সকলো প্ৰশ্নৰ উত্তৰ বিচাৰি শেহতীয়াকৈ চীনৰ য়ুহান চহৰত উপস্থিত হৈছিল বিশ্ব স্বাস্থ্য় সংস্থাৰ এটা দল । এই ভ্ৰমণৰ পিছতে সংস্থাই ঘোষণা কৰে যে ভাইৰাছ চীনৰ গৱেষণাগাৰৰ পৰা উৎপত্তি হোৱাৰ সম্ভাৱনা নাই ।

য়ুহান চহৰত প্ৰায় ৪ সপ্তাহ পৰ্যৱেক্ষণৰ পিছতে বিশ্ব স্বাস্থ্য় সংস্থাৰ অভিযানকাৰী দলটোৰ পিটাৰ বেন এমবাৰেকে এই কথা ঘোষণা কৰে । লগতে চীনা বিষয়াৰ নেতৃত্বত বিশ্ব স্বাস্থ্য় সংস্থাৰ দলক গৱেষণাগাৰৰ পৰা উৎপত্তি হোৱা বিষয়টো পুনৰীক্ষণৰ বাবেও নিৰ্দেশ দিয়া হয় বুলি তেওঁ জনায় ।

ইফালে চীনে পূৰ্বে এই সমগ্ৰ অভিযোগ অস্বীকাৰ কৰিছিল । এমবাৰেকে লগতে সন্দেহ কৰি কয় যে, ভাইৰাছটো প্ৰাৰম্ভিক পৰ্যায়ত বাদুলিৰ পৰা আন জন্তুলৈ সংক্ৰমণ হৈছিল আৰু পৰৱৰ্তী সময়ত ই মানুহৰ দেহলৈ সংক্ৰমিত হয় ।

কিন্তু ইয়াৰ ক্ষেত্ৰত আৰু অধিক গৱেষণাৰ প্ৰয়োজন আছে বুলিও জনায় এমবাৰেকে । অনুসন্ধানকাৰী দলটোৱে পৰ্যৱেক্ষণ কৰা মতে চীনৰ গৱেষণাগাৰৰ পৰা তেনেদৰে ভাইৰাছ বাহিৰলৈ পঠিওৱাতো অতি কঠিন ।

তেওঁৰ মতে মহামাৰীৰ আগতে কোনো পৰীক্ষাগাৰত এই ভাইৰাছৰ উৎপত্তিৰ কোনো প্ৰতিবেদন অহা নাই । খাদ্য সুৰক্ষা আৰু পশু ৰোগ বিশেষজ্ঞ এমবাৰেকে কোৱাৰ বিপৰীতে দলৰ আন এজন সদস্য ডেনিশ বিজ্ঞানী থায়া কলেচন ফিশ্বাৰে সাংবাদিকক কয় যে দলৰ সদস্যসকলে অধিক অনুসন্ধান আৰু আগৰ সম্ভাৱনা অগ্ৰাহ্য কৰিব নোৱাৰে।

ইফালে চীনত বিশ্ব স্বাস্থ্য় সংস্থাৰ দলটোৰ অভিযান ৰাজনৈতিকভাৱে যথেষ্ট প্ৰত্য়াহ্বান আছিল বুলি বিভিন্ন মহলত চৰ্চা চলি থকাৰ মাজতে দলটোৰ এগৰাকী বিশেষজ্ঞই যোৱা সপ্তাহত সংবাদ মাধ্য়মক জনোৱা মতে তেওঁলোকে আশা কৰাতকৈ অধিক মুকলিকৈ ঠাইবোৰ পৰ্যৱেক্ষণ কৰিব পাৰিছিল আৰু তেওঁলোকক সকলো স্থান ভ্ৰমণৰ ক্ষেত্ৰত বেইজিঙৰ ফালৰ পৰা সহযোগিতা আগবঢ়োৱা হৈছিল ।

আনহাতে দলৰ আন এগৰাকী বিশেষজ্ঞ কলেচন ফিশাৰে জনোৱা মতে তেওঁ প্ৰকৃত তথ্য় লাভ কৰা নাছিল আৰু তেওঁক যোগান ধৰা তথ্য়সমূহো সঠিক নাছিল । অৱশ্য়ে দলটোৱে ২০১৯ চনৰ পূৰ্বেই ভাইৰাছৰ উৎপত্তি হোৱাৰো কোনো তথ্য় লাভ কৰা নাই বুলি জানিবলৈ দিয়ে ।

দলটোৰ একাংশ সদস্য়ৰ মতে ভাইৰাছ খেতি পথাৰ আদিৰ জীৱৰ পৰাও উৎপত্তি হ'ব পাৰে যাৰ বাবে পৰৱৰ্তী সময়ত খেতি পথাৰৰ বিভিন্ন অংশত পৰীক্ষা চলোৱাৰ প্ৰয়োজন আছে বুলি তেওঁলোকে আশা প্ৰকাশ কৰে ।

ইয়াৰ মাজতে আমেৰিকাৰ ৰাজ্য়িক বিভাগৰ মুখপাত্ৰই জনোৱা মতে আমেৰিকাই বিশ্ব স্বাস্থ্য় সংস্থাৰ এই অভিযানৰ তদন্তৰ ফলাফল চাবলৈ অধিক আগ্ৰহেৰে বাট চাই আছে ।

উল্লেখ যে যোৱা ১৪ জানুৱাৰীত বিশ্বৰ ১০ খন দেশৰ প্ৰতিনিধিৰে গঠিত বিশ্ব স্বাস্থ্য় সংস্থাৰ দলটো ভাইৰাছৰ উৎস বিচাৰি য়ুহানৰ চি ফুড বজাৰত উপস্থিত হৈছিল ।

লগতে পঢ়ক:প্ৰিয়ংকা গান্ধীৰ ছাহাৰণপুৰ ভ্ৰমণঃ জিলাখনত ১৪৪ ধাৰা জাৰি

ABOUT THE AUTHOR

...view details