ভাইৰাছৰ নিজাকৈ মগজু বা মেটাবলিজম নাথাকে ।সিহঁতে নিজকে স্থিৰ অৱস্থাত ৰাখিব নোৱাৰে । কিন্তু মানুহৰ বাবে বিপদ কঢ়িয়াই ভাইৰাছবোৰ হাজাৰৰ পৰা লাখ লাখলৈকে বৃদ্ধি পায় । ভাইৰাছৰ শেহতীয়া সংস্কৰণ হৈছে নভেল কৰ’ণা ভাইৰাছ । মানৱ জাতিৰ আৱিৰ্ভাৱৰ দিনৰে পৰা মানুহে ভাইৰাছৰ বিৰুদ্ধে যুঁজ কৰিবলগীয়া হৈছে । আমাৰ পূৰ্বপুৰুষসকলে চিকাৰ, কৃষিকৰ্ম বা গৰু-ছাগলী চৰাওতে বিভিন্ন ধৰণৰ বীজাণুৰ সংস্পৰ্শলৈ আহিছিল । মানুহে যেতিয়া গোট পাতি থাকিবলৈ লয় আৰু জনসংখ্যা বৃদ্ধি পায় তেতিয়া নতুন ভাইৰাছৰ উদ্ভৱ হ’বলৈ লয় । এইচ১ এন ১, এছ এ আৰ এছ, ক’ভিড-১৯—এই সকলোবোৰ জন্তুৰ পৰা মানুহলৈ সংক্ৰমণ হৈছে ।
বহু সময়ত বৈজ্ঞানিক সমাজখন ভাইৰাছ সম্পৰ্কে ভিন্ন ভিন্ন মত আগবঢ়াই আহিছে । প্ৰাৰম্ভিক অৱস্থাত ভাইৰাছক এক ধৰণৰ বায়’কেমিকেল বুলি গণ্য কৰা হৈছিল । গ্ৰীক আৰু ৰোমানসকলে প্ৰদূষিত বায়ুৰ বাবে ভাইৰাছৰ সংক্ৰমণ হ’ব বুলি পূৰ্বানুমান কৰিছিল । অষ্টাদশ শতিকাত পচি যোৱা কফি বিনসমূহক হালধীয়া জ্বৰৰ (এক ধৰণৰ মহৰ দ্বাৰা সংক্ৰমিত ভাইৰেল সংক্ৰমণ)বাবে দোষাৰোপ কৰা হৈছিল । সপ্তদশ শতিকাত অনুবীক্ষণ যন্ত্ৰৰ উদ্ভাৱনৰ পাছত বিজ্ঞানীসকলে অনুজীৱসমূহৰ বিষয়ে অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে । প্ৰথমে বেক্টেৰিয়া চিনাক্ত কৰা হয় । ঊনবিংশ শতিকাত ৰেবিজৰ দৰে কিছুসংখ্যক ৰোগ বেক্টেৰিয়াতকৈ সৰু বীজাণুৱে সৃষ্টি কৰা বুলি গম পোৱা যায় । ৰাছিয়ান জীৱ বিজ্ঞানী আৰু ভাইৰ’লজীৰ অন্যতম প্ৰতিষ্ঠাপকমিত্ৰী ইভানোভস্কিয়ে ১৮৯২ চনত প্ৰথমে ভাইৰাছ আৱিষ্কাৰ কৰে আৰু ইয়াৰ নাম ৰাখে তবেকো মজেইক ভাইৰাছ । ১৯৩৫ চনত ৱেণ্ডেল এম ষ্টেনলি নামৰ এগৰাকী বিজ্ঞানীয়ে টি এম ভি পৰিয়ালৰ ভাইৰাছসমূহ বিশ্লেষণ কৰে । ১৯৪০ চনত ইলেক্ট্ৰন মাইক্ৰস্কোপৰ উদ্ভাৱনৰ পাছত বিজ্ঞানীসকলে স্পষ্টকৈ ভাইৰাছসমূহ বিশ্লেষণ কৰিব পৰা হয় ।
ভাইৰাছৰ এক প্ৰাথমিক গঠন থাকে । ইয়াত নিউক্লিক এচিড, জিনম আৰু প্ৰটিন কেচপিড থাকে । সিহঁত বেক্টেৰিয়াতকৈ ১০০ ৰ পৰা এহেজাৰ গুণ সৰু । সিহঁত গড়ে ২০ ৰ পৰা ৪০০ নেন’মিটাৰ বহল । জীয়াই থাকিবৰ বাবে সিহঁত গছ-গছনি, জন্তু আৰু মানুহৰ ওপৰত নিৰ্ভৰ কৰে । গতিকে সিহঁতে এটা শৰীৰ অবিহনে জীয়াই থাকিব নোৱাৰে । ভাইৰাছে খাদ্যক শক্তিলৈ ৰূপান্তৰ কৰিব পৰাকৈ মেটাবলিক কাৰ্যকলাপ নাই, সেয়ে বহু বিজ্ঞানীয়ে সিহঁতক জীৱ বা অনুজীৱৰ ভিতৰত ধৰে । কিন্তু সিহঁতক পৃথক অনুজীৱ বুলি ধৰা হয় কিয়নো সিহঁতৰ ডি এন আৰু আৰ এন এ থাকে ।এই ভাইৰাছবোৰৰ উপৰিভাগত এক গ্ৰহণকাৰী থাকে যিয়ে কোনো শৰীৰ বা গছ-গছনিত আশ্ৰয় লোৱাত সহায় কৰে । যেতিয়াই তেনে উপযুক্ত আশ্ৰয় পায়, ভাইৰাছে শৰীৰ বা গছ-গছনিৰ কোষবোৰ দখল কৰে । সিহঁতে কোষবোৰ দখল কৰি দ্ৰুততাৰে মাৰিবলৈ লয় । এই সংক্ৰমণ সোনকালে শৰীৰৰ আন অংশলৈও বিয়পে । যাৰ ফলত লোকজন অসুস্থ হৈ পৰে । শৰীৰৰ পৰা বাহিৰৰলৈ ওলোৱাৰ পাছতো ভাইৰাছ কিছু সময়ৰ বাবে বতাহত উপঙি থাকিব পাৰে । সিহঁত পানীতো জীয়াই থাকিব পাৰে । কৰমৰ্দন, কাহিলে বা হাচিয়ালে ভাইৰাছবোৰ এজন লোকৰ পৰা আন এজনলৈ বিয়পিব পাৰে । ঠাণ্ডা আৰু শুকান বতৰত সিহঁত দীৰ্ঘ সময়ৰ বাবে জীয়াই থাকিব পাৰে । সংক্ৰমিত লোকৰ তেজ,থু, খেকাৰ আদিৰ পৰা ইবোলা ভাইৰাছ বিয়পিছিল । ডেংগু, জিকা, চিকুনগুনিয়া আৰু ৱেষ্ট নীল ভাইৰাছ মহৰ জৰিয়তে বিয়পে ।