নেশ্বনেল ডেস্ক , 9 জানুৱাৰীঃ"দেশত পূৰ্বতে কেতিয়াবা এনেকুৱা ঘটনা হৈছিল নেকি যে জনসাধাৰণৰ প্ৰতিবাদৰ সন্মুখীন হোৱাৰ ভয়ত দেশৰ প্ৰধানমন্ত্ৰীয়ে নিজ দলৰ শাসিত ৰাজ্যৰ ভ্ৰমণসূচী বাতিল কৰিব লগা হৈছিল ?" প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম ভ্ৰমণ বাতিল কৰাৰ পাছত প্ৰধানমন্ত্ৰীক কটাক্ষ কৰি এই মন্তব্য কৰিলে চিপিআই(এম) দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়ে ৷ ভাৰতীয় জনতা পাৰ্টিৰ অসমৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে প্ৰধান মন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণ নিশ্চিত নহয় বুলি ঘোষণা কৰাৰ পাছতে এই মন্তব্য কৰিলে বাঁওপন্থী নেতাগৰাকীয়ে ৷
দুবাৰকৈ অসম ভ্ৰমণ কাৰ্যসূচী বাতিল দেশৰ প্ৰধানমন্ত্ৰীৰ - sitaram yesury commented on cancellation of pm's visit to assam
জনসাধাৰণৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ বাবে ক্ৰমাগতভাৱে দুবাৰকৈ অসম ভ্ৰমণ কাৰ্যসূচী বাতিল কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ পূৰ্বতে দেশত কেতিয়াও এনে ঘটনা ঘটা নাছিল বুলি প্ৰধানমন্ত্ৰীক কটাক্ষ কৰিলে চিপিআই(এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়ে ৷

উল্লেখযোগ্য যে, পূৰ্বতে খে’ল ইণ্ডিয়াৰ তৃতীয় সংস্কৰণৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকাৰ কথা ঘোষণা কৰিছিল প্ৰধান মন্ত্ৰীয়ে ৷ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ বাবে ক্ৰমাগতভাৱে প্ৰধানমন্ত্ৰীগৰাকীৰ দ্বিতীয়টো ভ্ৰমণ বাতিল কৰা হ’ল অসমত ৷ পূৰ্বতে ডিচেম্বৰ মাহত জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে গুৱাহাটীত অনুষ্ঠিত হ’ব লগা দ্বি-পাক্ষিক বৈঠক বাতিল কৰা হৈছিল অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে ৷ য়েচুৰীয়ে এই বিষয়েও টুইটাৰ যোগে মন্তব্য কৰি কয় যে, অসমত চৰকাৰ বিৰোধী ক্ষোভ আৰু আন্দোলন ইমানেই বৃদ্ধি পাইছে যে, দেশৰ প্ৰধান মন্ত্ৰীয়ে দুবাৰকৈ নিজৰ ভ্ৰমণ কাৰ্যসূচী বাতিল কৰিব লগা হৈছে ৷
লগতে পঢ়কঃCAAৰ সাংবিধানিক বৈধতা বিচাৰি কৰা আবেদন প্ৰত্যাহাৰ উচ্চতম ন্যায়ালয়ৰ