নিউজ ডেস্ক, ১৫ জুলাইঃ মুক্তিৰ বাবে অপেক্ষাৰত ছবি "দিল বেছেৰা"ৰ অভিনেত্ৰী স্বস্তিকা মুখাৰ্জীয়ে মঙলবাৰে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰে এখন ফটো । য'ত "দিল বেছেৰা"ৰ দৃশ্য গ্ৰহণৰ সময়ত লোৱা ছবি বুলি উল্লেখ কৰে অভিনেত্ৰী গৰাকীয়ে ।
"দিল বেছেৰা"ৰ দৃশ্য গ্ৰহণৰ ফটো শ্বেয়াৰ স্বস্তিকা মুখাৰ্জীৰ - সঞ্জনা গান্ধী
জনপ্ৰিয় বঙালী তথা বলিউড অভিনেত্ৰী স্বস্তিকা মুখাৰ্জীয়ে মঙলবাৰে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰে এখন ফটো । মুক্তিৰ বাবে অপেক্ষাৰত তথা সদ্য প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ অন্তিমখন ছবি "দিল বেছেৰা"ৰ দৃশ্য় গ্ৰহণৰ ফটো শ্বেয়াৰ কৰে স্বস্তিকাই ।
স্বস্তিকা মুখাৰ্জী
"দিল বেছেৰা"ত অভিনয় কৰা নৱাগতা অভিনেত্ৰী সঞ্জনা ছাংঘীৰ মাতৃৰ চৰিত্ৰ ৰূপায়ণ কৰা স্বস্তিকা আৰু সঞ্জনাক এখন বিচনাৰ ওপৰত বহি থকা প্ৰত্যক্ষ কৰা হৈছে ফটোখনত । উল্লেখ্য যে, ২০১৪ চনত মুক্তি পোৱা হলিউড ৰোমান্তিক ড্ৰামা ছবি "The Fault in Our Stars" হিন্দী সংস্কৰণ হিচাপে নিৰ্মাণ কৰা হৈছে সদ্য প্ৰয়াত সুশান্ত সিং ৰাজপুতৰ অন্তিমখন ছবি "দিল বেছেৰা"।