অসম

assam

ETV Bharat / bharat

হঠাৎ 30 কোটিৰ অধিকাৰী এগৰাকী মহিলা - ৰেহনা বানু

হঠাৎ 30 কোটি টকা একাউন্টত জমা হোৱাত আচৰিত হৈ পৰিল কৰ্ণাটকৰ এগৰাকী মহিলা ৷ বেংকৰ তথ্য আধাৰ কাৰ্ডৰ সৈতে সংলগ্ন কৰাৰ সময়ত পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷

SBI একাউন্ট
ৰেহনা বানুৰ ষ্টেট বেংক একাউন্টত 30 কোটি

By

Published : Feb 4, 2020, 10:35 PM IST

নেশ্যনেল ডেস্ক, 4 ফেব্ৰুৱাৰী :30 কোটি টকা নিজৰ SBI একাউন্টৰ পৰা লেন-দেন হোৱাৰ পাচত আচৰিত হৈ পৰিছে চন্নাপাটনাৰ বি. ডি. কলনীৰ ৰেহনা বানু নামৰ এগৰাকী মহিলা ৷ বেংকৰ বিষয়াই বানুক আধাৰ কাৰ্ডৰ তথ্য বেংক একাউন্টৰ সৈতে সংলগ্ন কৰিবলৈ দিয়াৰ পাচতে এই ঘটনা পোহৰলৈ আহে ৷

চন্নাপাটনা আৰক্ষী ষ্টেছনত 9 জানুৱাৰীত এক গোচৰ ৰুজু কৰি বানুৱে কয়, "মোৰ একাউন্টত কেনেকৈ 30 কোটি টকা জমা হ'ল মই একো নাজানো ৷" বানুৰ বেংক একাউন্টৰ বিৱৰণী অনুসৰি, ইয়াৰ পূৰ্বে বানুৰ একাউন্টত এটকাও নাছিল ৷

তেওঁ লগতে কয়, "কিছুদিন পূৰ্বে অ'নলাইন ৱেবছাইটৰ পৰা এখন শাৰী কিনাৰ সময়ত এটা ফোনক'ল লাভ কৰিছিলো ৷ ইয়াৰ বাবে মই পুৰস্কাৰ লাভ কৰা বুলি জনোৱাৰ লগতে মোক বেংক একাউন্টৰ তথ্য শ্বেয়াৰ কৰিবলৈ জনোৱা হৈছিল ৷"

একাউন্টটোৰ অপ-ব্যৱহাৰ হৈছে বুলি বেংক কৰ্তৃপক্ষই চিন্তা ব্যক্ত কৰিছে ৷ বানুৰ এই একাউন্টটো বৰ্তমান বন্ধ কৰি ৰখাৰ লগতে তদন্ত আৰম্ভ কৰিছে কৰ্তৃপক্ষই ৷

আৰু পঢ়ক : জামিয়া কাণ্ড : আঘাতপ্ৰাপ্ত 62 আৰক্ষী বিষয়া আৰু 127 অন্যান্য লোক

ABOUT THE AUTHOR

...view details