ভাৰত এখন বহু-সাংস্কৃতিক দেশ । জীৱন ধাৰণৰ পৰা খাদ্যলৈকে দেশজুৰি বিভিন্নতা আছে । গতিকে এগৰাকী প্ৰসূতিয়ে কি কি খাব লাগে সেই বিষয়ে পৰামৰ্শ দিয়াৰ সময়ত আমাৰ মা-আইতাহঁতে দিয়া কথাবোৰৰ বিষয়ে মনলৈ আহে । পৰিপুষ্টি বিশেষজ্ঞ দিব্যা গুপ্তাই দুগ্ধদাত্ৰী মাতৃয়ে খাবলগীয়া খাদ্যৰ বিষয়ে কি কয় জানো আহক ।
বিশ্ব স্বাস্থ্য সংস্থাই দিয়া পৰামৰ্শ অনুসৰি সন্তানটি জন্ম গ্ৰহণ কৰাৰ প্ৰথম ছমাহ সম্পূৰ্ণৰূপে মাতৃদুগ্ধ পান কৰাব লাগে । দুবছৰ বয়স বা তাৰ পাছলৈকে সঠিকভাৱে আন খাদ্য খুওৱাৰ লগতে শিশুটিক মাতৃদুগ্ধ নিয়মীয়াকৈ পান কৰাব লাগে ।
- মাতৃদুগ্ধই শিশুটিৰ বিকাশ আৰু শ্ৰীবৃদ্ধি কৰে ।
- সংক্ৰমণ আৰু বেমাৰৰ বিৰুদ্ধে শিশুটিক যুঁজিবলৈ ই সহায় কৰে ।
- যিসকল লোকে শিশু অৱস্থাত দুগ্ধপান কৰিছিল তেওঁলোকে প্ৰাপ্তবয়স্ক হ’লে উচ্চ কলেষ্টেৰল আৰু এজমাৰ আশংকা কম থাকে ।
- প্ৰটিন, লেকট’ছ আৰু চৰ্বিৰ সঠিক সংমিশ্ৰণৰ বাবে মাতৃদুগ্ধ সহজে শৰীৰৰ লগত মিলি যায় ।
- যিহেতু মাতৃদুগ্ধ সহজে হজম হয় সেয়ে এই দুগ্ধ পান কৰা শিশু এটিয়ে সহজে কোষ্ঠকাঠিন্যৰ সমস্যাত নোভোগে ।
- এছ আই ডি এছ বা হঠাতে নৱজাতকৰ মৃত্যু হোৱা লক্ষণ দুগ্ধ পান কৰা শিশুৰ ক্ষেত্ৰত কমকৈ দেখা পোৱা যায় ।
- মাতৃদুগ্ধত প্ৰটিন, চৰ্বি, ভিটামিন, মিনাৰেল,এনজাইম, শৰ্কৰাৰ সঠিক পৰিমাণে সংমিশ্ৰণ থাকে। এইবোৰ শিশু এটিৰ বিভিন্ন স্তৰত বিকাশৰ বাবে প্ৰয়োজন হয় ।
- দুগ্ধপান কৰাৰ ফলত শিশুটিৰ মুখ আৰু দাঁতৰ বিকাশ ঘটে । তদুপৰি শিশু আৰু মাতৃৰ মাজৰ সম্পৰ্ক অধিক গাঢ় হয় ।
- মাকৰ গাখীৰ পান কৰা শিশুসকলৰ কৈশোৰ অৱস্থাত মধুমেহ ৰোগ হোৱাৰ সম্ভাৱনা কম থাকে ।
- গৰ্ভাৱস্থাৰ পাছত জৰায়ুৰ পুনৰ অৱস্থা প্ৰাপ্তিত ই সহায় কৰে ।
- মাতৃৰ স্তন কৰ্কট, জৰায়ুৰ কৰ্কট, টাইপ ২ মধুমেহ আৰু হৃদৰোগৰ আশংকা হ্ৰাস কৰে ।
দুগ্ধপান কৰোৱাৰ সময়ত মাতৃয়ে কি কি খাব লাগে?
পুষ্টিৰ প্ৰয়োজনীয়তাসমূহঃ
গৰ্ভাৱস্থাত আৰু প্ৰসৱ কৰাৰ পাছত মাতৃগৰাকীৰ খাদ্যাভাস বা লাভ কৰা পুষ্টিৰ ওপৰত মাতৃদুগ্ধৰ পৰিমাণ আৰু গুণ বহু পৰিমাণে নিৰ্ভৰ কৰে ।
- দুগ্ধদাত্ৰী মাতৃৰ বাবে প্ৰতি দিনে ৫০০-৬০০ কে চি এ এল পুষ্টিৰ প্ৰয়োজন হয় । অৱশ্যে এই পৰিমাণ মেদবহুল আৰু কম ওজনৰ মহিলাৰ বাবে ভিন্ন ভিন্ন হ’ব পাৰে ।
- আৰ ডি এৰ মতে ১৮-২০ গ্ৰামৰ পৰা প্ৰসৱৰ প্ৰথম ছমাহত মাতৃগৰাকীক প্ৰতিদিনে ৭৪ গ্ৰাম প্ৰটিনৰ প্ৰয়োজন হয় । শস্য, ময়দা, মাহজাতীয় খাদ্য, সতেজ ফলমূল, শাক-পাচলি, কণী, ছয়াবিন জাতীয় খাদ্য, কুকুৰাৰ মাংস আৰু দুগ্ধজাত সামগ্ৰীত যথেষ্ট পৰিমাণে প্ৰটিন থাকে ।
- অধিক পৰিমাণে শৰ্কৰা আৰু চৰ্বি থকা খাদ্য যেনে চিপছ্, কেক, শীতল পানীয়ৰ পৰা দূৰত থাকক । সেইবোৰত নিচেই সামান্য পুষ্টি থাকে । তাৰ সলনি নাৰিকলৰ পানী, ফল বা পাচলিৰ ৰস, বাটাৰ মিল্ক, লাচী আদি খাওক ।
- মাতৃগৰাকীয়ে দৈনিক ১০-১৫ গিলাচ জুলীয়া পদাৰ্থ পান কৰিব লাগে । কিয়নো ইয়াৰ ওপৰতে গাখীৰ উৎপন্ন হোৱা পৰিমাণ নিৰ্ভৰ কৰে ।
- স্বাস্থ্যকৰ চৰ্বিযুক্ত খাদ্য যেনে, বাদাম, বিভিন্ন গুটি, মাখন আদি খাব পাৰে ।
- মদ্যপান আৰু ধূম্ৰপানৰ পৰা দূৰত থাকক । ইয়াৰ ফলত শিশুটিৰ ক্ষতি হ’ব পাৰে ।
- ডায়েটিং কৰাৰ পৰা বিৰত থাকক । কাৰণ ইয়াৰ ফলত গাখীৰৰ মান আৰু পৰিমাণ হ্ৰাস পাব পাৰে । খোজ কঢ়াৰ দৰে লঘু শাৰীৰিক অনুশীলন কৰিব পাৰে ।
- আইৰন আৰু কেলচিয়াম যথেষ্ট পৰিমাণে থকা খাদ্য খাওক । দাইল, মাকৈজাতীয় খাদ্য, সেউজীয়া শাক-পাচলি, খিচমিচ আদিত আইৰন আৰু কেলচিয়াম থাকে । আইৰন ভালদৰে মিলি যোৱাৰ বাবে ইয়াৰ লগত চি ভিটামিন থকা খাদ্য খাওক । গাখীৰজাতীয় খাদ্য আৰু সেউজীয়া পাচলি কেলিচিয়ামৰ ভাল উৎস ।
আইৰন আৰু কেলচিয়ামৰ চাপ্লিমেণ্টৰ বাবে আপোনাৰ চিকিৎসকৰ সৈতে আলোচনা কৰক । জিংক আৰু ছেলেনিয়ামৰ ছাপ্লিমেণ্টৰ বাবেও চিকিৎসকৰ পৰামৰ্শ লওক ।
- নিৰামিসহাৰী মাতৃৰ বাবে ভিটামিন বি১২ ছাপ্লিমেণ্ট । যদি ভিটামিন ডি থকা খাদ্য যেনে গৰুৰ গাখীৰ আদি যদি আপুনি যথেষ্ট পৰিমাণে নাখায় তেতিয়া আপোনাক ভিটামিন ডিৰ ছাপ্লিমেণ্টৰ প্ৰয়োজন হ’ব । ইয়াৰ বাবে আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লওক ।
- গেলেক্টাগগিউছ অন্তৰ্ভুক্ত কৰক । গাখীৰৰ উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে গ্ৰহণ কৰা খাদ্য, শাক-পাচলি বা ঔষধ আদিক গেলেক্টাগগিউছ বুলি কোৱা হয় । ইয়াৰ কিছুমান উদাহৰণ হ’ল-
- বাৰ্লি
- গুল্মজাতীয় শাক
- মেথী
- বাদাম
- গাখীৰ আৰু আন দুগ্ধজাত খাদ্য
- ধনিয়া
- অটছ
- হালিম শাক আদি
লগতে পঢ়কঃহস্ততাঁত শিল্পৰে জীৱন যুঁজত জয়ী হোৱা ৰেণু দাসৰ কথাৰে...