অসম

assam

ETV Bharat / bharat

পশ্চিম বংগ নিৰ্বাচন: কেবাজনো মন্ত্ৰীক কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নিয়োগ বিজেপিৰ - 7 গৰাকী মন্ত্ৰীক কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নিয়োগ

পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ বাবে ককালত টঙালি বান্ধিছে বিজেপিয়ে ৷ 7 গৰাকী মন্ত্ৰীক কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নিয়োগ ৷ কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নিয়োগ লাভ কৰা প্ৰত্যেক গৰাকী কেন্দ্ৰীয় তথা ৰাজ্যিক মন্ত্ৰীয়ে বেলেগ বেলেগ বিধান সভা সমষ্টি ভ্ৰমণ কৰি জনসাধাৰণৰে সৈতে কথা বাৰ্তা পাতি বিস্তাৰিত প্ৰতিবেদন দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ হাতত অৰ্পন কৰিব ৷

west bengal polls
পশ্চিম বংগ নিৰ্বাচন

By

Published : Dec 18, 2020, 10:59 AM IST

নেচনেল ডেস্ক, 18 ডিচেম্বৰ: পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ বাবে মিচন-200 ৰ লক্ষ্য ৰাখি ভাৰতীয় জনতা পাৰ্টীয়ে 7 গৰাকী পৰ্যবেক্ষক নিয়োগ কৰিছে ৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই নিৰ্বাচনৰ বাবে পাঁচগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু দুগৰাকী ৰাজ্যিক মন্ত্ৰী নিয়োগ কৰিছে ৷

এই কেন্দ্ৰীয় আৰু ৰাজ্যিক মন্ত্ৰী কেইগৰাকীয়ে ৰাজ্যখনৰ বিভিন্ন অংশত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উপৰিও তৃণমূল পৰ্যায়ৰ সকলো পৰিস্থিতিৰ বিস্তাৰিত প্ৰতিবেদন প্ৰস্তুত কৰিব ৷ এই কামৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী জল শক্তি গজেন্দ্ৰ সিঙ শেখাৱট, অৰ্জুন মুণ্ডা, মনসুখ মান্দাভিয়া, প্ৰহ্লাদ সিঙ পেটেল আৰু সঞ্জীৱ বাল্যানক নিযুক্তি দিয়া হৈছে ৷

উত্তৰ প্ৰদেশৰ উপমুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু মধ্য প্ৰদেশৰ গৃহ মন্ত্ৰী ড৹ নৰোত্তমকো অনাগত নিৰ্বাচনত কেন্দ্ৰীয় পৰ্যবেক্ষকৰ দায়িত্ব অৰ্পন কৰা হৈছে ৷ দলটোৱে যাতে নিৰ্বাচনৰ পূৰ্বেই SWOT এনালাইচিচ কৰিব পাৰে, সেই উদ্দেশ্যে এই পৰ্যবেক্ষক সকলক নিয়োগ কৰা হৈছে ৷ অৱশ্যে এই সন্দৰ্ভত এতিয়াও আনুষ্ঠানিক নিশ্চয়তা বাকী আছে ৷

দলীয় সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি গজেন্দ্ৰ সিঙ শেখাৱটে কলকাতাৰ লোকসভা আসনৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ পৰিৱৰ্তে মুণ্ডাই পূৱ মিডনাপুৰ আৰু ঝৰগ্ৰাম অঞ্চল চোৱাচিতা কৰিব ৷ মান্দাভিয়াক হালদিয়া আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ দায়িত্ব প্ৰদান কৰা হৈছে আৰু কেশৱ মৌৰ্যক হাওৰাৰ দায়িত্ব প্ৰদান কৰা হৈছে ৷ জানিব পৰা মতে প্ৰহ্লাদ পেটেলক উত্তৰ বংগৰ অঞ্চলসমূহৰ দায়িত্ব প্ৰদান কৰাৰ বিপৰীতে মুৰ্চিদাবাদ আৰু নাডিয়াৰ দায়িত্ব প্ৰদান কৰাৰ সম্ভাৱনা আছে ৷

উল্লেখ্য যে শ্বাহৰ মিচন-200 ক সফল ৰূপ দিয়াৰ বাবে বিজেপিয়ে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰি দিছে ৷ 2019 ৰ লোকসভা নিৰ্বাচনত দলটোৱে 42 খন আসনৰ 18 খন লাভ কৰিছিল ৷ পূৰ্বে দলটোৱে পাঁচ গৰাকী কেন্দ্ৰীয় পৰ্যবেক্ষক নিয়োগ কৰিছিল যদিও এইবাৰ বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ মাজত প্ৰতিদ্বন্দীতা কিছু কঠিন হোৱাৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে এই সংখ্যা বঢ়োৱা পৰিলক্ষিত হৈছে ৷

সম্ভৱতঃ এইবাৰেই প্ৰথমবাৰৰ বাবে ৰাজ্যখনত নিৰ্বাচনৰ পূৰ্বে বহুসংখ্যক কেন্দ্ৰীয় পৰ্যবেক্ষকত নিয়োগ কৰা হৈছে ৷ প্ৰত্যেক গৰাকী কেন্দ্ৰীয় পৰ্যবেক্ষকে বিধান সভা সমষ্টি সমূহ পৰিদৰ্শন কৰি ৰাইজৰ মত গ্ৰহণ কৰিব আৰু এক প্ৰতিবেদন প্ৰস্তুত কৰিব ৷ দুৱাৰে দুৱাৰে নিৰ্বাচনী প্ৰচাৰৰ কৌশল অৱলম্বন কৰি এইসকল কেন্দ্ৰীয় পৰ্যবেক্ষকে তেওঁলোকৰ প্ৰতিবেদন জে পি নাড্ডাক প্ৰদান কৰিব ৷

লগতে পঢ়ক:মিছন পশ্চিমবংগঃ চলিত সপ্তাহতে পশ্চিমবংগলৈ অমিত শ্বাহসহ কেইগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী

ABOUT THE AUTHOR

...view details