অসম

assam

ETV Bharat / bharat

পশ্চিমবংগত গৃহীত হ'ল CAA বিৰোধী প্ৰস্তাৱ - সোমবাৰে গৃহীত হ'ল প্ৰস্তাৱ

সোমবাৰে পশ্চিমবংগই গৃহীত কৰিলে CAA বিৰোধী প্ৰস্তাৱ ৷ পশ্চিমবংগ চৰকাৰে ৰাজ্যৰ বিধানসভাত উত্থাপন কৰিছিল এই প্ৰস্তাৱ ৷

পশ্চিমবংগ চৰকাৰ
পশ্চিমবংগত গৃহীত CAA বিৰোধী প্ৰস্তাৱ

By

Published : Jan 27, 2020, 7:38 PM IST

নেশ্যনেল ডেস্ক, 27 জানুৱাৰী : পশ্চিমবংগ বিধানসভাই সোমবাৰে গৃহীত কৰিলে নাগৰিকত্ব সংশোধনী আইন (CAA) বিৰোধী প্ৰস্তাৱ ৷ উল্লেখ্য যে, CAA বাতিল কৰাৰ লগতে এন আৰ চি আৰু এন পি আৰ কাৰ্যকৰী কৰাৰ পৰিকল্পনা প্ৰত্যাহাৰ কৰাৰ দাবী জনাই পশ্চিমবংগ চৰকাৰে ৰাজ্যৰ বিধানসভাত উত্থাপন কৰিছিল এই প্ৰস্তাৱ ৷

এই প্ৰস্তাৱ সম্পৰ্কত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে, নাগৰিকত্ব সংশোধনী আইনখন "সংবিধান আৰু মানৱতাৰ পৰিপন্থী" ৷ "এই আইন অতি সোনকালে প্ৰত্যাহাৰ কৰিব লাগে বুলি আমি দাবী জনাইছো ৷ লগতে এন আৰ পি প্ৰত্যাহাৰ কৰা উচিত ৷"

উল্লেখ্য যে, পশ্চিমবংগ বিধানসভাত দুই বিৰোধী দল কংগ্ৰেছ আৰু চিপিআই(এম) নেতৃত্বাধীন বাওঁপন্থী দলেও প্ৰস্তাৱৰ সমৰ্থন কৰে ৷ আনহাতে, বিজেপি দলে এই প্ৰস্তাৱৰ বিৰোধিতা কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক এই আইনখন পৰিচয় কৰোৱাৰ বাবে ধন্যবাদ জনায় ৷

পশ্চিমবংগৰ পূৰ্বে পাঞ্জাৱ, কেৰালা আৰু ৰাজস্থানে এই প্ৰস্তাৱ গৃহীত কৰিছিল ৷ CAA বিৰোধী প্ৰস্তাৱৰ পূৰ্বে পশ্চিমবংগ বিধানসভাই 2019 চনৰ ছেপ্তেম্বৰত এন আৰ চি বিৰোধী প্ৰস্তাৱো গৃহীত কৰিছিল আৰু সেই সময়তো বিজেপি দলে ইয়াৰ সমৰ্থন কৰা নাছিল ৷

আৰু পঢ়ক : তৃতীয় বড়ো চুক্তি ৰাজ্যৰ বাবে শুভ বাৰ্তা : প্ৰমীলা ৰাণী ব্ৰহ্ম

ABOUT THE AUTHOR

...view details