অসম

assam

কুকুৰৰ ফটো সংলগ্ন ভোটাৰ কাৰ্ড আৰু এগৰাকী লোক

By

Published : Mar 5, 2020, 2:42 PM IST

মুৰ্শ্বিদাবাদৰ ৰামনগৰ গাঁৱৰ নিবাসী সুনীল কৰ্মকাৰ নামৰ লোকগৰাকীয়ে যেতিয়া তেওঁৰ ভোটাৰ কাৰ্ডখনৰ সংশোধনৰ বাবে আবেদন কৰিছিল, তেতিয়া তেওঁ এখন সংশোধিত ভোটাৰ কাৰ্ডখনত তেওঁৰ ফটোৰ ঠাইত এটা কুকুৰৰ ফটো সন্নিবিষ্ট ভোটাৰ কাৰ্ড এখন পাইছিল ৷

dog's photo on it
dog's photo on it

নেশ্যনেল ডেস্ক, 5 মাৰ্চঃপশ্চিম বংগৰ মুৰ্শ্বিদাবাদৰ এগৰাকী নিবাসী যথেষ্ট আশ্বৰ্যজনক অৱস্থাত আছিল ৷ কিয়নো যেতিয়া তেওঁ নিজৰ ভোটাৰ কাৰ্ড আনিব গৈছিল, তেতিয়া তেওঁৰ ভোটাৰ কাৰ্ডখনত তেওঁৰ ফটোৰ সলনি আছিল এটা কুকুৰৰ ফটো ৷

মুৰ্শ্বিদাবাদৰ ৰামনগৰ গাঁৱৰ নিবাসী সুনীল কৰ্মকাৰ নামৰ লোকগৰাকীয়ে যেতিয়া তেওঁৰ ভোটাৰ কাৰ্ডখনৰ সংশোধনৰ বাবে আবেদন কৰিছিল, তেতিয়া তেওঁ এখন সংশোধিত ভোটাৰ কাৰ্ডৰ সলনি পাইছিল তেওঁৰ ফটোৰ ঠাইত এটা কুকুৰৰ ফটো সন্নিবিষ্ট ভোটাৰ কাৰ্ড ৷

তেওঁ এই ক্ষেত্ৰত মন্তব্য কৰে, 'তেওঁলোকে মোৰ সন্মানৰ লগত খেলিছে ৷ মই খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত গৈ অনুৰোধ কৰিম এনেকুৱা যাতে দ্বিতীয়বাৰলৈ নহয় ৷ '

ইয়াৰ মাজতে খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে এই বিষয়ত জোৰ দি কয় যে, ফটোখন ইতিমধ্যে সংশোধন কৰা হৈছে আৰু কৰ্মকাৰে সঠিক ফটোসহ সংশোধিত ভোটাৰ কাৰ্ডখন পাব ৷

লগতে পঢ়কঃতথ্যচিত্ৰ নিৰ্মাণৰ বাবে অসমত উপস্থিত প্ৰখ্যাত ক্ৰিকেটাৰ কেভিন পিটাৰছন

ABOUT THE AUTHOR

...view details