নেশ্যনেল ডেস্ক, 27 জানুৱাৰী : সোমবাৰে পশ্চিমবংগ চৰকাৰে ৰাজ্যৰ বিধানসভাত উত্থাপন কৰিলে নাগৰিকত্ব সংশোধনী আইন (CAA) বিৰোধী প্ৰস্তাৱ ৷ এই প্ৰস্তাৱৰ মূল উদ্দেশ্য হ'ল নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ লগতে এন আৰ চি আৰু এন পি আৰ কাৰ্যকৰী কৰাৰ পৰিকল্পনা প্ৰত্যাহাৰ কৰাৰ দাবী জনোৱা ৷
তথ্য অনুসৰি, ৰাজ্যৰ সংসদীয় কাৰ্য মন্ত্ৰী পাৰ্থ চেটাৰ্জীয়ে বিধানসভাত 2 বজাত এই প্ৰস্তাৱ উত্থাপন কৰে ৷