নিউজ ডেস্ক, ২৭ জুলাইঃমহামাৰী COVID-19 ত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ ঘৰৰ চৌহদতে অন্তিম সৎকাৰ কৰিলে আত্মীয়ই । বৃহস্পতিবাৰে পশ্চিম বংগৰ পূৰ্ব মেদিনীপুৰ জিলাত সংঘটি হৈছে এই ঘটনা । প্ৰশাসনৰ লোকক ১২ ঘণ্টা ধৰি অপেক্ষাৰ কৰাৰ পাচতো প্ৰশাসনৰ লোক উপস্থিত নোহোৱাত বৃহস্পতিবাৰে নিশা ঘৰৰ চৌহদে অন্তিম সৎকাৰ কৰিবলৈ বাধ্য হয় ভুক্তভোগী পৰিয়ালে ।
খবৰ অনুসৰি,কলকাতাৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ দূৰত্বত থকা কোলাঘাটৰ বাসিন্দা ৭০ বছৰীয়া এজন ব্যক্তি বিগত ১৯ জুলাই শাৰীৰিকভাৱে অসুস্থ হৈ পৰে । বৰ্ষীয়ান ব্যক্তি গৰাকী অসুস্থ হৈ পৰাৰ পাচতে পাচদিনাই ব্যক্তি গৰাকীৰ কৰ'ণা টেষ্ট কৰা হয় যদিও বৃহস্পতিবাৰে ব্য়ক্তি গৰাকীৰ দেহত কৰ'ণাৰ উপস্থিতি লাভ কৰে বুলি পৰিয়ালৰ লোকক অৱগত কৰে । লগতে বৰ্ষীয়ান ব্যক্তি গৰাকীক হাস্পতাললৈ লৈ যোৱাৰ বাবে এম্বুলেঞ্চ প্ৰেৰণ কৰা বুলিও সদৰি কৰে । কিন্তু বৃহস্পতিবাৰে ব্যক্তি গৰাকীৰ শাৰীৰিক অৱস্থা ক্ৰমাৎ বেয়াৰ ফালে ঢাল খাই আৰু স্বাস্থ্য বিভাগে প্ৰেৰণ কৰা এম্বুলেঞ্চ আহি পোৱাৰ আগতে মৃত্যু হয় ।