অসম

assam

ETV Bharat / bharat

JNU হিংসা : তীব্ৰ গৰিহণা পশ্চিমবংগ,কেৰালাৰ মুখ্যমন্ত্ৰীৰ - JNU চৌহদ

JNU কাণ্ডক তীব্ৰ গৰিহণা দিলে পশ্চিমবংগ আৰু কেৰালাৰ মুখ্যমন্ত্ৰী ক্ৰমে মমতা বেনাৰ্জী আৰু পিনাৰায়ী ভিজাননে ৷ চ'ছিয়েল মিডিয়াৰ জৰিয়তে দুয়োগৰাকীৰ গৰিহণা ৷

JNU হিংসা
JNU কাণ্ডক গৰিহণা মমতা, ভিজাননৰ

By

Published : Jan 6, 2020, 7:58 PM IST

নেশ্যনেল ডেস্ক, 6 জানুৱাৰী: তৃণমূল কংগ্ৰেছৰ (TMC) চাৰিজনীয়া এটা বিশেষ সঁজাতি দলে সোমবাৰে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (JNU) আৰু সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান সংস্থা (AIIMS)ৰ চৌহদ ভ্ৰমণ কৰে ৷ দেওবাৰে নিশা মুখা পৰিহিত কোনো দুস্কৃতিকাৰীয়ে চৌহদত প্ৰৱেশ কৰি আক্ৰমণ কৰাৰ ছাত্ৰ-ছাত্ৰীৰ সমৰ্থনত থিয় দিবৰ বাবে দলটোৱে চৌহদ ভ্ৰমণ কৰে ৷ সমগ্ৰ ঘটনাক পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে 'নিষ্ঠুৰতা' বুলি মন্তব্য কৰাৰ লগতে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ বিৰুদ্ধে হোৱা এই ঘটনাক গৰিহণা জনায় ৷

তেওঁ টুইটাৰৰ জৰিয়তে কয়, "JNUত ছাত্ৰ আৰু শিক্ষকৰ বিৰুদ্ধে হোৱা নিষ্ঠুৰতাক তীব্ৰ গৰিহণা জনাইছো ৷ এনে জঘন্য কাণ্ডক বৰ্ণনা কৰিবলৈ কোনো শব্দ নাই ৷ গণতন্ত্ৰৰ ওপৰত লাজ লাগিছে ৷"

একে সময়তে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী ভিজাননে ফেচবুকৰ জৰিয়তে এই আক্ৰমণক গৰিহণা জনোৱাৰ লগতে লিখে, "নাজীৰ দৰে ছাত্ৰ আৰু শিক্ষকক JNU চৌহদত আক্ৰমণ কৰাসকলে দেশত ভয়ংকৰ পৰিৱেশ আৰু সংঘৰ্ষৰ সৃষ্টি কৰিব ৷" ভিজাননে এই কাণ্ডক 'অসহনশীলতাৰ বিৰুদ্ধে ভয়াৱহ প্ৰদৰ্শন' বুলি মন্তব্য কৰাৰ লগতে কয় যে,সংঘই ৰক্তপাতৰ জৰিয়তে বিশ্ববিদ্যালয়সমূহক মৌন কৰাৰ দৰে পৈশাচিক কাণ্ড বন্ধ কৰা উচিত ৷

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদক (ABVP) গৰিহণা দি ভিজাননে কয়, "এনে তথ্যও লাভ কৰিছো যে ছাত্ৰ সংগঠনৰ আঘাতপ্ৰাপ্ত ছাত্ৰক কঢ়িয়াই লৈ যোৱা এম্বুলেন্সকো ABVPৰ এটা দলে বাট ভেটি ধৰিছিল ৷"

উল্লেখ্য যে,দেওবাৰে নিশা বহুসংখ্যক মুখা পৰিহিত দুস্কৃতিকাৰীয়ে JNU চৌহদত প্ৰৱেশ কৰি কাঠ তথা লোহাৰৰ বিভিন্ন সৰঞ্জামেৰে ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষককো প্ৰহাৰ কৰে ৷

আঘাতপ্ৰাপ্তৰ মুঠ সংখ্যা কিমান বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও অতি কমেও 20 জন ছাত্ৰক এইমছত ভৰ্তি কৰোৱা হৈছে ৷ এই আঘাতপ্ৰাপ্ত সকলৰ ভিতৰত আছে JNUৰ ছাত্ৰ একতা সভাৰ সভাপতি এইছ ঘোষ ৷ তেওঁক লোহাৰেৰে চকুত আঘাত কৰা বুলি জানিব পৰা গৈছে ৷

আৰু পঢ়ক : বিশ্বাস হ'বনে ! 250 কেজি ওজনৰ এটা কাৱৈ মাছ

ABOUT THE AUTHOR

...view details