অসম

assam

ETV Bharat / bharat

প্ৰয়োজন হ'লে ৰেড জ'ন অঞ্চলত মোতায়েন কৰা হ'ব সশস্ত্ৰ বাহিনী: মমতা বেনাৰ্জী - ৰেড জ'ন অঞ্চল

পশ্চিমবংগত শেহতীয়াকৈ ২২ টা নতুন COVID-১৯ আক্ৰান্তৰ ঘটনা পোহৰলৈ অহাৰ পাচতেই অধিক তৎপৰ হৈছে পশ্চিম বংগ চৰকাৰ । ৰেড জ'ন হিচাপে চিনাক্ত অঞ্চলত সশস্ত্ৰ বাহিনী মোতায়েনৰ ওপৰত জোৰ মমতা বেনাৰ্জীৰ ।

West Bengal: 22 fresh cases, Mamata stresses on deploying armed police in red zones
West Bengal: 22 fresh cases, Mamata stresses on deploying armed police in red zones

By

Published : Apr 18, 2020, 3:22 PM IST

নিউজ ডেস্ক, ১৮ এপ্ৰিলঃ পশ্চিম বংগত COVID-১৯ মহামাৰীত নতুন কৈ ২২ জন লোক আক্ৰান্ত হোৱাৰ ঘটনা পোহৰলৈ অহাৰ পাচতেই অধিক তৎপৰতা অৱলম্বন কৰিছে পশ্চিম বংগ চৰকাৰে । মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পশ্চিমবংগৰ ৰেড জ'নচিনাক্ত অঞ্চল সমূহত লক ডাউন ফলপ্ৰসূ কৰি তুলিবলৈ সশস্ত্ৰ বাহিনী মোতায়েন কৰাৰ ওপৰত অধিক জোৰ প্ৰদান কৰিছে। ৰাজ্যখনত বৰ্তমানলৈকে মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ২৮৭ টা ।

মুখ্যমন্ত্ৰীগৰাকীয়ে COVID-১৯ ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্ক কৰি দিয়ে যে,যদিহে সংক্ৰমণক ৰোধ কৰিব পৰা নাযায় তেন্তে ৰেড জ'ন স্থান সমূহত সমূহীয়া সংক্ৰমণৰ শংকা আহি পৰিব। যাৰ বাবে এই বিষয়ত উদ্বিগ্নতা প্ৰকাশ কৰি সকলো উচ্চস্তৰীয় বিষয়া,আৰক্ষীক অতিকৈ স্পৰ্শকাতৰ অঞ্চলত ৰাইজক ঘৰত থকাৰ লগতে বজাৰ ইত্যাদি ভিৰ অঞ্চলৰ পৰা বিৰত থকাৰ অনুৰোধ জনাবলৈ আহ্বান কৰে ।

মুখ্য়মন্ত্ৰীগৰাকী লগতে হাওড়াৰ সকলো লোকক ঘৰত থকাৰ অনুৰোধ জনায় । এতিয়া সংক্ৰমণ পৰিয়ালৰ মাজতে আবদ্ধ হৈ আছে । যদিহে সম্প্ৰদায়ৰ মাজত সংক্ৰমণৰ স্তৰ লাভ কৰা যায় তেন্তে পৰিস্থিতি অতি ভয়ানক হ'ব বুলি উল্লেখ কৰে ।

আনহাতে যদি প্ৰয়োজন হয় ৭-১০ দিনৰ বাবে সশস্ত্ৰ বাহিনী মোতায়েন কৰা হ'ব বুলি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে । ইয়াৰ পাচতেই হাওড়া বজাৰ দিনৰ ১২ বজাৰ পিচত বন্ধৰ ঘোষণা কৰা হৈছে ।

ABOUT THE AUTHOR

...view details