অসম

assam

ভাৰত-জাপানৰ মাজত শীঘ্ৰেই হ'ব আলোচনাঃ বৈদেশিক মন্ত্ৰালয়

বৃহস্পতিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰত-জাপান সন্মিলনৰ তাৰিখ শীঘ্ৰেই ঘোষণা কৰা হ'ব বুলি প্ৰকাশ কৰিছে ৷ অসমৰ গুৱাহাটীত বিগত বৰ্ষৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া সন্মিলনখন অসমত হোৱা নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ বাবে বাতিল কৰিছিল চৰকাৰে ৷

By

Published : Jan 2, 2020, 8:49 PM IST

Published : Jan 2, 2020, 8:49 PM IST

ভাৰত-জাপানৰ মাজত শীঘ্ৰেই হ'ব আলোচনাঃ বৈদেশিক মন্ত্ৰালয়
ভাৰত-জাপানৰ মাজত শীঘ্ৰেই হ'ব আলোচনাঃ বৈদেশিক মন্ত্ৰালয়

ভাৰত-জাপানৰ মাজত শীঘ্ৰেই হ'ব আলোচনাঃ বৈদেশিক মন্ত্ৰালয়

নেশ্বনেল ডেস্ক, 2 জানুৱাৰীঃ ভাৰত-জাপানৰ মাজত অনুষ্ঠিত হ'বলগীয়া সন্মিলনৰ দিন শীঘ্ৰেই ঘোষণা কৰা হ'ব ৷ দেশৰ বৈদেশিক পৰিক্ৰমা বিভাগে বৃহস্পতিবাৰে এক সংবাদমেলযোগে উল্লেখ কৰিছে এই কথা ৷ ভাৰত-জাপানৰ মাজত অনুষ্ঠিত হ'বলগীয়া দ্বিপাক্ষিক সন্মিলনক লৈ দেশৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মুখপাত্ৰ ৰভীশ কুমাৰে সংবাদমেল সম্বোধন কৰে ৷

মুখপাত্ৰ কুমাৰে প্ৰকাশ কৰা অনুসৰি, দুয়োখন দেশেই আমোলা পৰ্যায়ত এই বিষয়ে আলোচনাত মিলিত হৈছে আৰু অতি শীঘ্ৰেই সন্মিলনৰ দিন ঘোষণা কৰিব ৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু জাপানৰ প্ৰধানমন্ত্ৰী ছিনজো আবেৰ মাজত এই সন্মিলন বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ 15ৰ পৰা 17 তাৰিখলৈ গুৱাহাটীত অনুষ্ঠিত হোৱাৰ কথা আছিল ৷ কিন্তু অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ নাগৰিকত্ব (সংশোধনী) আইন, 2019ৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ বাবেই ভাৰত চৰকাৰে বাতিল কৰে সন্মিলনখন ৷ অৱশ্যে আজি দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে অনুষ্ঠিত কৰা সংবাদমেলত সন্মিলনৰ দিন শীঘ্ৰেই ঘোষণা কৰা হ'ব বুলি জনায় মুখপাত্ৰ ৰভীশ কুমাৰে ৷

ABOUT THE AUTHOR

...view details