অসম

assam

ETV Bharat / bharat

দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে পি.চিদাম্বৰমৰ সৈতে এক বিশেষ সাক্ষাৎকাৰ

ইটিভি ভাৰতৰ এক সাক্ষাৎকাৰত প্ৰাক্তন বিত্ত মন্ত্ৰী তথা কংগ্ৰেছ সাংসদ পি.চিদাম্বৰমে চি.ডি.এছ নিযুক্তি, জেনেৰেল ৰাৱট, এন.আৰ.চি-এন.পি.আৰ লিংক আৰু কংগ্ৰেছত নেতৃত্বহীনতাৰ বিষয়কে ধৰি ৰাষ্ট্ৰীয় ৰাজধানীত কংগ্ৰেছে সক্ৰিয়ভাৱে CAA বিৰোধী প্ৰতিবাদত জড়িত হৈ থকা সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷

পি. চিদাম্বৰমৰ সৈতে এক বিশেষ সাক্ষাৎকাৰ
পি. চিদাম্বৰমৰ সৈতে এক বিশেষ সাক্ষাৎকাৰ

By

Published : Jan 1, 2020, 6:42 PM IST

নিউজ ডেস্ক, 1 জানুৱাৰীঃপ্ৰাক্তন বিত্ত মন্ত্ৰী আৰু কংগ্ৰেছ সাংসদ পি. চিদাম্বৰমে ইটিভি ভাৰতৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত চিডিএছ নিযুক্তি, জেনেৰেল ৰাৱাট, এনআৰচি-এনপিআৰআৰু কংগ্ৰেছত নেতৃত্বহীনতাৰ বিষয়কে ধৰি ৰাষ্ট্ৰীয় ৰাজধানীত কংগ্ৰেছে সক্ৰিয়ভাৱে CAAবিৰোধী প্ৰতিবাদত জড়িত হৈ থকা সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়-

সাক্ষাৎকাৰৰ সবিশেষঃ

চিদাম্বৰমৰ মন্তব্য- যদিও ৰাৱাট সৰ্বশ্ৰেষ্ঠ জেনেৰেল হয় নে নহয় এই কথা ক'ব পৰা স্থিতিত নাই , চিডিএছ নিযুক্তিক সাদৰ সম্ভাষণ জনাইছো ৷

প্ৰাক্তন বিত্ত তথা গৃহ মন্ত্ৰী পি. চিদাম্বৰমে কয় যে, তেওঁ ব্যক্তিগতভাৱে চিডিএছৰ নিযুক্তিক সমৰ্থন কৰে, কিন্তু ৰাৱাটৰ আটাইতকৈ ভাল জেনেৰেল হোৱাৰ পাৰদৰ্শিতা আছে নে নাই সেই বিষয়ত তেওঁ সন্দেহ প্ৰকাশ কৰে ৷

"মই এইটো ক'ব পৰা স্থিতিত নাই যে ৰাৱাট শ্ৰেষ্ঠতম পাৰদৰ্শী লোক হয় নে নহয় ৷ তেওঁ সক্ষম হ'বও পাৰে ৷ মই এইটো কোৱা নাই তেওঁ সক্ষম নহয় ৷ কিন্তু চিডিএছৰ তালিকাত আৰু কাৰ কাৰ নাম বাছনি কৰা হৈছিল, তেওঁলোকৰ কি কি যোগ্যতা আৰু দুৰ্বলতা আছিল সেই বিষয়ে মই নাজানো ৷" চিডিএছৰ আন্তঃসেৱাই সমন্বয়ক উৎসাহিত কৰিব বুলিও তেওঁ মন্তব্য কৰে ৷

ৰাৱাট সৰ্বশ্ৰেষ্ঠ জেনেৰেল হয় নে নহয় এই কথা ক'ব পৰা স্থিতিত নাইঃ পি. চিদাম্বৰম

ইপিনে সাম্প্ৰতিক ৰাজনৈতিক ক্ষেত্ৰখনৰ ওপৰত মন্তব্য কৰি জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে কয়- প্ৰভাৱশালী দলক পৰাস্ত কৰিবলৈ বিৰোধী দলৰ একতা গুৰুত্বপূৰ্ণ ৷

বিজেপিৰ ক্ষেত্ৰত ল'ব পৰা ৰণনীতিৰ ক্ষেত্ৰত কংগ্ৰেছে কয় যে, শাসকীয় দলক হৰুৱাবলৈ হ'লে বিপক্ষ দলসমূহ একগোট হোৱাৰ দৰকাৰ ৷

চিদাম্বৰমে কয় যে- যদি বিপক্ষ দলৰ একতা মজবুত হয় তেন্তে, তেওঁলোকৰ মিত্ৰজোঁটে শাসকীয় দলক পৰাস্ত কৰিব পাৰে ৷

"কংগ্ৰেছ নেতৃত্বহীন নহয় ৷ এগৰাকী কংগ্ৰেছ অধ্যক্ষৰ আজি সিদ্ধান্ত নিৰ্ণয় কৰিব লাগে ৷ আমি ছোনিয়া গান্ধীক নিৰ্বাচন কৰিছিলো তেতিয়া, যেতিয়া ৰাহুল গান্ধীয়ে তেওঁৰ পদ এৰি দিছিল ৷" চিদাম্বৰমে কয় যে- ছোনিয়া গান্ধীয়ে পদ এৰাৰ সিদ্ধান্ত ল'লে আমি আন এগৰাকী অধ্যক্ষ নিৰ্বাচন কৰিম ৷

"গান্ধী পৰিয়ালৰ বাহিৰতো বহু অধ্যক্ষ আছে ৷ যিয়ে জানে যে, দল, পদ আৰু ফাইলে কি বিচাৰে ৷ দলৰ কৰ্মকৰ্তা আৰু সদস্যসকলে কংগ্ৰেছ অধ্যক্ষৰ নিৰ্ণয় লৈছে ৷"

2010 চনৰ এনপিআৰ 2011 জনগণনাত সহায়ৰ বাবে লোৱা হৈছিল ৷ 2020 বৰ্ষৰ এনপিআৰ ছদ্মৱেশী এনআৰচি ৷

পূৰ্ব বিত্তমন্ত্ৰী তথা কংগ্ৰেছৰ বলিষ্ঠ নেতা পি. চিদাম্বৰমে কয় যে, 2010ত ৰূপায়ন কৰা এনআৰচিৰ নামাকৰণ নিৰ্বাচিত কিছুমান ৰাজ্যত কৰা হৈছিল ৷

তেওঁ কয়- এনপিআৰ 2011 জনগণনাৰ সহায়ৰ বাবে লোৱা হৈছিল ৷ এবাৰ জনগণনা সম্পূৰ্ণ হোৱাৰ পিচত তেওঁলোকে অনুশীলন বন্ধ কৰি দিয়ে ৷ ইয়াৰেপৰি তেওঁ কয় যে, যেতিয়া এনপিআৰ কাৰ্যকৰী কৰা হৈছিল, তেতিয়া এনআৰচিৰ কোনো উল্লেখ নাছিল ৷

2010 চনৰ এনপিআৰ 2011 জনগণনাত সহায়ৰ বাবে লোৱা হৈছিলঃ পি. চিদাম্বৰম

বিজেপি চৰকাৰৰ এক ধ্বংসাত্মক আঁচনি, এনপিআৰ বিপদজনকঃ পি. চিদাম্বৰম

"2010 চনত এনপিআৰ ফৰ্মত মাত্ৰ 15টা ক্ষেত্ৰ আছিল, যিবোৰ জনগণনাৰ বাবে প্ৰাসংগিক আছিল ৷ বৰ্তমান এনপিআৰত 21টা ক্ষেত্ৰ আছে ৷ সেইসমূহে আপেনাৰ অন্তিম নিবাস স্থান, আপোনাৰ পিতৃ-মাতৃৰ জন্ম স্থান, আধাৰ সংখ্যা আদি কিয় সুধিছে? ইয়াত প্ৰসংগটো অলপ বেলেগ ৷"

তেওঁ কয়- প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু বহুকেইগৰাকী অন্যান্য মন্ত্ৰীয়ে কয় যে, এনপিআৰে এনআৰচিক এক নেতৃত্ব প্ৰদান কৰিব ৷

"কংগ্ৰেছে সক্ৰিয়ভাৱে CAA বিৰোধী আন্দোলনত যোগদান কৰিছে ৷"

নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰ পৰৱৰ্তী সময়ৰ প্ৰতিক্ৰিয়া সম্পৰ্কে সোধাত তেওঁ কয় যে, কংগ্ৰেছ দলে ধাৰাবাহিকভাৱে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিছে আৰু এই আমি এই আন্দোলনত যোগদান কৰিছো তথা বহু সমদল আৰু সৰ্বদলীয় বৈঠকো অনুষ্ঠিত কৰিছো ৷

যেতিয়ালৈকে CAA বাতিল নহয় তেতিয়ালৈকে দেশজুৰি এই প্ৰতিবাদ অব্যাহত থাকিবঃ পি. চিদাম্বৰম

"যদি বিপক্ষ দল একগোট হৈ এজন প্ৰতিদ্বন্দ্বী উলিওৱা হয় তেন্তে, বিজেপিয়ে বহু কেইটা আসনতে পৰাজয় বৰণ কৰিব, 'ইতিমধ্যে হৈ যোৱা ঝাৰখণ্ড নিৰ্বাচনেই ইয়াৰ জলন্ত উদাহৰণ ৷"

বিপক্ষ দল একগোট হ'লে শাসকীয় দলে পৰাজয় বৰণ কৰাটো নিশ্চিতঃ পি. চিদাম্বৰম

12 ডিচেম্বৰত ৰাষ্ট্ৰপতিৰ সন্মতিত নাগৰিকত্ব সংশোধনী বিলখন গৃহীত হৈ নাগৰিকত্ব সংশোধনী আইনলৈ ৰূপান্তৰিত হয় ৷

এই আইনে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ অ-মুছলমান সম্প্ৰদায়ৰ শৰনাৰ্থী সকলক ভাৰতীয় নাগৰিকতা প্ৰদান কৰিব, যিসকল 31 ডিচেম্বৰ 2014 চনৰ বা তাৰ আগতে ভাৰতলৈ আহিছিল ৷ CAA গৃহীত হোৱাৰ পিচত, ভাৰতৰ ৰাজধানীকে ধৰি দেশৰ বিভিন্ন স্থানত বিৰোধিতাৰ সূচনা হৈছে ৷

লগতে পঢ়ক: ভাৰতীয় অৰ্থনীতিৰ বিষয়ে কি ক'লে প্ৰাক্তন মন্ত্ৰী পি চিদাম্বৰমে

ABOUT THE AUTHOR

...view details