নিউজ ডেস্ক, ৭ জুনঃ বিগত বহু দিন ধৰি ৰাজধানী দিল্লীত হোৱা অসহ্যকৰ গৰমৰ পাচতে দেওবাৰে এজাক মুষলধাৰ বৰষুণে ধুৱাই নিয়ে দিল্লীৰ বিভিন্ন অঞ্চল । বৰষুণৰ পাচতে ৰাজপথলৈ ওলাই আহি পৰিৱেশ উপভোগ কৰে দিল্লীবাসীয়ে । আনহাতে, ভাৰতৰ বতৰ বিজ্ঞান তথ্য অনুসৰি, আগন্তুক 24 ঘণ্টাত দিল্লীৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত বৰষুণ হোৱাৰ সম্ভৱনা আছে বুলি প্ৰকাশ কৰে ।
দিল্লীত অনাগত 24 ঘণ্টাত প্ৰৱল বৃষ্টিপাত হোৱাৰ আশংকা - delhi weather
দিল্লীকে ধৰি দাতিকাষৰীয়া অঞ্চলসমূহত প্ৰৱল বৃষ্টিপাত হোৱাৰ আশংকা কৰিছে বতৰ বিজ্ঞান বিভাগে । প্ৰতি ঘণ্টাত 40-50 কিলোমিটাৰ গতিত বতাহ, ধুমুহাৰ লগতে বৰষুণ অহাৰ সম্ভৱনা আছে বুলি সদৰী কৰে বতৰ বিজ্ঞান বিভাগে ।
![দিল্লীত অনাগত 24 ঘণ্টাত প্ৰৱল বৃষ্টিপাত হোৱাৰ আশংকা দিল্লী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7512824-868-7512824-1591514295846.jpg)
দিল্লীত বিগত ২৪ ঘণ্টাত প্ৰৱল বৃষ্টিপাত হোৱাৰ আশংকা
দিল্লী-এনচিআৰত প্ৰতি ঘণ্টাত 40-50 কিলোমিটাৰ গতিত বতাহ, ধুমুহা আৰু বৰষুণ হোৱা সম্ভৱনা আছে বুলি সদৰী কৰে । লগতে দিল্লী-এনচিআৰত আগন্তুক কেইদিনমান পৰ্যন্ত এই বতৰ থাকিব বুলি সদৰী কৰে বতৰ বিজ্ঞান বিভাগে ।