অসম

assam

By

Published : Oct 10, 2020, 4:29 PM IST

ETV Bharat / bharat

আগন্তুক তিনিদিনলৈ অন্ধ্ৰপ্ৰদেশত বৃষ্টিপাত হোৱাৰ সম্ভাৱনা

অন্ধ্ৰপ্ৰদেশৰ বেছিভাগ স্থানত আগন্তুক তিনিদিনলৈ নিম্নমানৰ বৃষ্টিপাত হোৱাৰ সতৰ্কতা জাৰি বিশাখাপট্টনমৰ চাইক্লোন ওৱাৰ্ণিং চেণ্টাৰৰ ৷ বতাহৰ গতি 40-50 কিঃমিঃ দূৰত্বলৈ আৰু অন্ধ্ৰপ্ৰদেশৰ লগতে য়নামৰ মাজেৰে বংগোপসাগৰৰ মধ্যভাগত 60 কিঃমিঃ দূৰত্বলৈ বঢ়াৰ সম্ভাৱনা আছে ৷

Weather alert for Andhra as low pressure to intensify into depression
আগন্তুক তিনিদিনলৈ অন্ধ্ৰপ্ৰদেশত বৃষ্টিপাত হোৱাৰ সম্ভাৱনা

নিউজ ডেস্ক,10 অক্টোবৰ: বংগোপসাগৰৰ নিম্নচাপৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমৰ চাইক্লোন ওৱাৰ্ণিং চেণ্টাৰে আগন্তুক তিনিদিনলৈ ৰাজ্যকনৰ বেছিভাগ স্থানত নিম্নমানৰ বৃষ্টিপাত হোৱাৰ সতৰ্কতা জাৰি কৰিছে ৷

কেন্দ্ৰটোৰ কৰ্তৃপক্ষই সদৰি কৰা মতে,এই বতাহৰ গতি 40-50 কিঃমিঃ দূৰত্বলৈ আৰু অন্ধ্ৰপ্ৰদেশৰ লগতে য়নামৰ মাজেৰে বংগোপসাগৰৰ মধ্যভাগত 60 কিঃমিঃ দূৰত্বলৈ বঢ়াৰ সম্ভাৱনা আছে ৷

ইয়াৰ মাজতে দেওবাৰ আৰু সোমবাৰে বংগোপসাগৰৰ পানী পশ্চিম-মধ্য আৰু দক্ষিণ-পশ্চিম অঞ্চলত ৰুক্ষ হোৱা দেখা যাব ৷ আগন্তুক তিনিদিনত সমুদ্ৰলৈ যাবলৈ বাধা প্ৰদান কৰিছে কেন্দ্ৰৰ কৰ্তৃপক্ষই ৷

আনহাতে শনিবাৰলৈ বংগোপসাগৰৰ কেন্দ্ৰভাগত তীব্ৰগতিত,পশ্চিম আৰু উত্তৰ-পশ্চিম দিশত নিম্নগতিত বতাহ বলাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক:নাৰী সুৰক্ষা বিষয়ক নতুন পৰামৰ্শাৱলী জাৰি কেন্দ্ৰৰ

ABOUT THE AUTHOR

...view details