নিউজ ডেস্ক, ৫ জুলাই :চীন-ভাৰতৰ সংঘৰ্ষ আৰু মহামাৰী কৰ'ণা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰে উপ ৰাষ্ট্ৰপতি এম ভেংকেয়া নাইডুয়ে জনাই যে, বৰ্তমান পৰিস্থিতি যিহেতু জটিল সেয়ে দেশবাসী বাহ্যিক বা আভ্যন্তৰীণ বিষয়ত যিকোনো উত্তৰ দিয়াৰ সময়ত দৃঢ় হ'ব লাগিব । লগতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আত্ম নিৰ্ভৰশীল ভাৰত আঁচনি সন্দৰ্ভতো মন্তব্য প্ৰদান কৰি কয় যে, প্ৰধানমন্ত্ৰীৰ এই আঁচনিৰ বিকাশ দেশৰ প্ৰতিটো প্ৰান্তত হোৱা উচিত ।
তেওঁ পুনৰ কয় যে, বিভিন্ন সময়ত ভাৰতে বহুতো দুৰ্যোগ পাৰ কৰিছে । বিভিন্ন সময়ত আমি আভ্যন্তৰীণ বা বাহ্যিক বিভিন্ন সংঘাতত লিপ্ত হ'ব লগা হৈছে । গতিকে আমি সকলোৱে সাহস আৰু আত্ম বিশ্বাসৰে কাম কৰিব লাগিব বুলি উল্লেখ কৰে । লগতে, আত্ম নিৰ্ভৰ ভাৰত আঁচনিৰ জৰিয়তে যদি দেশৰ প্ৰতিটো প্ৰান্তত সৰ্বাংগীন বিকাশ হয় তেতিয়াহে সঁচা অৰ্থত আত্ম নিৰ্ভৰশীল ভাৰত আঁচনিৰ উদ্দেশ্য সফল হ'ব বুলি উল্লেখ কৰে । নতুন দিল্লীত এটা স্বদেশী ম'বাইল এপ “Elyments” মুকলি কৰাৰ সময়ত এই মন্তব্য প্ৰদান কৰে উপ ৰাষ্ট্ৰপতি গৰাকীয়ে । আত্ম নিৰ্ভৰশীল ভাৰত আঁচনিৰ লক্ষ্য আছিল যে, পিছপৰা অঞ্চলৰ বিকাশ সাধন কৰা, আধুনিক প্ৰযুক্তি বিদ্যাৰ ব্যৱহাৰ, মানৱ সম্পদক শক্তিশালী কৰি দেশৰ অৰ্থনীতি বিকাশ কৰা ।