নিউজ ডেস্ক,3ফেব্ৰুৱাৰী:অতি শীঘ্ৰে দেশৰ ৰাজধানী দিল্লীত পাঠদানৰ বাবে সম্পূৰ্ণ ৰূপত পুনঃ মুকলি কৰি দিয়া হ'ব শিক্ষানুষ্ঠানসমূহ ৷ মঙলবাৰে ব্যক্তিগতখণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ অধ্যক্ষ আৰু কৰ্তৃপক্ষৰ সৈতে অনুষ্ঠিত হোৱা মত-বিনিময় অনুষ্ঠানৰ পিছতে এই মন্তব্য কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৷ কেজৰিৱালে কয় যে,ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়,কলেজলৈ গৈ পাঠদান গ্ৰহণ কৰিবলৈ ইচ্ছুক যদিও ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক তথা শিক্ষকসকল কৰ'ণা মহামাৰীক লৈ এতিয়াও চিন্তিত হৈ আছে ৷বৰ্তমান যিহেতু কৰ'ণা প্ৰতিষেধক উপলব্ধ হৈছে তাৰেই পৰিপ্ৰেক্ষিতত শীঘ্ৰে শিক্ষানুষ্ঠানসমূহ সোনকালে খুলিব পৰা যাব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
শীঘ্ৰে পুনৰ পাঠদান আৰম্ভ হ'ব দিল্লীৰ ব্যক্তিগতখণ্ড শিক্ষানুষ্ঠানতঃঅৰবিন্দ কেজৰিৱাল - মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল
অতি শীঘ্ৰে দেশৰ ৰাজধানী দিল্লীত পাঠদানৰ বাবে সম্পূৰ্ণ ৰূপত পুনঃ মুকলি কৰি দিয়া হ'ব শিক্ষানুষ্ঠানসমূহ ৷ মঙলবাৰে ব্যক্তিগতখণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ অধ্যক্ষ আৰু কৰ্তৃপক্ষৰ সৈতে অনুষ্ঠিত হোৱা মতবিনিময় অনুষ্ঠানৰ পিছতে এই মন্তব্য কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৷
![শীঘ্ৰে পুনৰ পাঠদান আৰম্ভ হ'ব দিল্লীৰ ব্যক্তিগতখণ্ড শিক্ষানুষ্ঠানতঃঅৰবিন্দ কেজৰিৱাল we-hope-we-will-be-able-to-re-open-schools-in-full-capacity-soon-delhi-cm](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10477529-520-10477529-1612282901277.jpg)
শীঘ্ৰে পাঠদান আৰম্ভ হ'ব দিল্লীৰ ব্যক্তিগতখণ্ড শিক্ষানুষ্ঠানতঃঅৰবিন্দ কেজৰিৱাল
তদুপৰি,মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শিক্ষা খণ্ডক অধিক গুৰুত্ব প্ৰদান কৰা বুলি মন্তব্য কৰি চৰকাৰে শিক্ষা খণ্ডক সৰ্বাধিক পুঁজি আৱণ্টন দিয়া বুলি উল্লেখ কৰে ৷উল্লেখ্য যে, COVID-19 মহামাৰীৰ বাবে ২০২০ চনৰ মাৰ্চ মাহৰ পৰা দিল্লীৰ সকলোবোৰ শিক্ষানুষ্ঠান বন্ধ কৰা হৈছিল ৷ ইয়াৰ পিছতে দিল্লী চৰকাৰে আগন্তুক ব'ৰ্ড পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথম অৱস্থাত 18 জানুৱাৰীৰ পৰা দশম আৰু দ্বাদশ শ্ৰেণী পাঠদানৰ বাবে মুকলি কৰি দিছিল ৷