আমি এক যুদ্ধত অৱতীৰ্ণ হৈছো । পৃথিৱীখনে যেনেদৰেকৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলগীয়া হৈছে তাক আন ধৰণে প্ৰকাশ কৰাৰ মাধ্যম নাই । হয়তো শত্ৰু অদৃশ্য হ’ব পাৰে, কিন্তু ভাৰতে পূৰ্বতে সন্মুখীন হৈ অহা শত্ৰুতকৈ এয়া ভয়াৱহ । আমি নাজানো এই যুদ্ধৰ ফলত কিমান মানৱ জীৱন হেৰাই যাব,কিন্তু ই ইতিমধ্যে আমাৰ ৰাষ্ট্ৰীয় কল্যাণ,আমাৰ জীৱন ধাৰণ আৰু সম্ভাৱনাময় ভৱিষ্যতক বাধা প্ৰদান কৰিছে ।
পূৰ্বতে যুদ্ধবোৰত সৈনিকে অংশগ্ৰহণ কৰিছিল। গতিকে ভাৰতৰ অধিকাংশ জনগণক এই যুদ্ধবোৰে স্পৰ্শ কৰা নাছিল। কিন্তু এই সকলোবোৰ সলনি হৈ গ’ল । আজি প্ৰতিজন নাগৰিকেই একো একোজন সৈনিক । নাগৰিকৰ পৰা নাগৰিক-সৈনিকলৈ এই ৰূপান্তৰ সহজ কথা নহয়, আৰু সৈনিকৰ জীৱনৰ কিছু পাঠে হয়তো পথ নিৰ্দেশনা দিব পাৰে ।
যেতিয়া এগৰাকী স্থলসেনা জোৱানে শত্ৰু পক্ষক আক্ৰমণ কৰে,তেতিয়া সন্মুখৰ পৰা পোন্ধৰ কিল’মিটাৰৰ ভিতৰত বোমা-বাৰুদেৰে আনসকল সৈনিক সুসজ্জিত হৈ থাকে । অভিযন্তাসকলে খনিৰ ভিতৰেৰে ৰাস্তা উলিয়ায় যাতে সৈনিকৰ হতাহতৰ সংখ্যা হ্ৰাস পায়,লগতে আন একাংশই যাতে যুদ্ধত অৱতীৰ্ণ সৈনিকসকলে বোমা-বাৰুদ, খাদ্য আৰু আন অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান লাভ কৰে সেয়া নিশ্চিত কৰে । যদি প্ৰতিজন লোকে তেওঁৰ দায়িত্ব ভালদৰে পালন নকৰে, তেনেহ’লে যুদ্ধত পৰাজয় বৰণ কৰিব লাগিব ।
আমি এনে এক পৰিস্থিতিৰ আজি সন্মুখীন হৈ আহিছোঁ য’ত সন্মুখ আৰু নিৰাপদ অঞ্চল বুলি একো নাই,য’ত ধনী-দুখীয়াৰ বিভাজন নাই । আমাৰ চিকিৎসক, নাৰ্ছ,আৰক্ষী বিষয়া আৰু জৰুৰীকালীন কৰ্মীসকলে কৰ’না ভাইৰাছৰ বিৰুদ্ধে কৰা যুঁজখনৰ নেতৃত্ব দিছে । প্ৰতিজন নাগৰিকেই তেওঁলোকৰ বোজা হ্ৰাস কৰিবলৈ সহায়কাৰী সৈনিক হ’ব লাগিব ।
দক্ষিণ কোৰিয়াত প্ৰথমটো কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ ঘটনা ২০ জানুৱাৰীত ধৰা পৰিছিল আৰু চাৰি সপ্তাহৰ পাছত দেশখনত আক্ৰান্তৰ সংখ্যা ৩০ জন । ৩১ নম্বৰ ৰোগীজনে প্ৰথম পৰ্যায়ৰ পৰীক্ষাসমূহ কৰিব বিচৰা নাছিল আৰু সামাজিক সম্পৰ্শ ৰক্ষা কৰি চলিছিল । তেওঁ যোৱা চিনচিয়ঞ্জি গীৰ্জাটোৰ পৰাই দেখনৰ ৬০ শতাংশ লোক আক্ৰান্ত হৈছে । এইটোৱে শিক্ষা যে আমাৰ কোনোবা এজনে যদি পথৰ পৰা ফালৰি কাটে আমি যুদ্ধখনত পৰাজিত হ’ম ।
সামৰিক যুঁজৰ বৈশিষ্ট হ’ল নিৰ্দেশৰ প্ৰতি সন্মান । ছেমুৱেল হাংটিংটনে বাধ্যবাধকতাক সৰ্বোচ্চ সামৰিক গুণ বুলি আখ্যা দিছে । যদিহে তাৎক্ষণিকভাৱে নিৰ্দেশ পালন কৰা নহয়, যুদ্ধ যুঁজা বা জিকাটো সম্ভৱ নহয় । এই কৰ’না ভাইৰাছৰ বিৰুদ্ধে কৰা যুদ্ধখনত আমাৰ দৃঢ়তা শক্তিশালী হ’ব লাগিব । সমালোচনা আৰু দায়বদ্ধতাৰ প্ৰতি আমি উদাৰ হ’ব লাগিব । এই প্ৰত্যাহ্বানৰ প্ৰকৃতিৰ বাবে নিষ্কৰিয়তাৰ পৰিণাম ভয়াৱহ হ’ব ।
ৰাজনৈতিক নেতৃত্বই এই সংকটৰ সময়ত গ্ৰহণ কৰা সিদ্ধান্তবোৰ শুদ্ধ নে ভুল সেয়া ইতিহাসে বিচাৰ কৰিব। কিন্তু এই সিদ্ধান্তবোৰক লৈ বিতৰ্ক কৰাৰ এয়া সময় নহয় । ব্যৱস্থাৰ ওপৰত বিশ্বাস ৰাখক, একত্ৰিত হৈ কাম কৰক কাৰণ আমি আমাৰ শত্ৰুক পৰাজিত কৰাৰ যুদ্ধত অৱতীৰ্ণ হৈছো।