অসম

assam

ETV Bharat / bharat

শীঘ্ৰেই মেট্ৰিকৰ ফলাফল ঘোষণা ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিব পশ্চিমবংগ মাধ্যমিক শিক্ষা পৰিষদে - মেট্ৰিকৰ ফলাফল

দেশত পৰিস্থিতি সামান্য হোৱাৰ লগে-লগেই মেট্ৰিকৰ ফলাফলৰ দিন ঘোষণাৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিব পশ্চিমবংগ মাধ্যমিক শিক্ষা পৰিষদে । এই কথা জানিবলৈ দিয়ে পশ্চিমবংগৰ শিক্ষামন্ত্ৰী পাৰ্থ চেটাৰ্জীয়ে ।

WBSE will take a call on publication of secondary examination results
WBSE will take a call on publication of secondary examination results

By

Published : Apr 30, 2020, 3:28 PM IST

নিউজ ডেস্ক, ৩০ এপ্ৰিলঃ দেশত লক্ ডাউনৰ সমাপ্তি আৰু পৰিস্থিতি সামান্য হোৱাৰ পাচতেই পশ্চিমবংগ মাধ্যমিক শিক্ষা পৰিষদে মেট্ৰিকৰ ফলাফল ঘোষণা কৰাৰ দিন ধাৰ্য কৰিব বুলি বুধবাৰে জানিবলৈ দিয়ে ৰাজ্যখনৰ শিক্ষামন্ত্ৰী পাৰ্থ চেটাৰ্জীয়ে ।

শিক্ষামন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে, পশ্চিমবংগ মাধ্যমিক শিক্ষা পৰিষদে কৰ'ণা ভাইৰাছৰ ফলত দেশত চলি থকা পৰিস্থিতি সামান্য হলেই, মেট্ৰিকৰ ফলাফল ঘোষণাৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিব ।

যোৱা ফেব্ৰুৱাৰী মাহত পৰীক্ষা সমাপ্ত হোৱাৰ পাচৰে পৰাই পৰীক্ষাৰ্থীৰ বহি চোৱা ইত্যাদি কাম তীব্ৰ গতিত চলাই থকা হৈছিল বুলি উল্লেখ কৰে । আনহাতে আধাতে ৰৈ যোৱা বাকী থকা কাম খিনি পৰিস্থিতি সামান্য হ'লেই সেই খিনি সম্পূৰ্ণ কৰিবলৈ অধিক সময়ৰ প্ৰয়োজন নহ'ব বুলিও কয় মন্ত্ৰীগৰাকীয়ে । আনহাতে উচ্চতৰ মাধ্যমিকৰ বাকী ৰৈ যোৱা দুখন পৰীক্ষা ১০ জুনৰ পাচত হে অনুষ্ঠিত কৰাৰ চিন্তা চৰ্চা চলোৱা হৈছে বুলি জানিবলৈ দিয়ে ।

শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয়, বিভিন্ন ৰাজ্যৰ বিশ্ববিদ্যালয়, অনুমোদিত কলেজৰ একাডেমিক কেলেণ্ডাৰত UG আৰু PG ত প্ৰায় ১৯ লাখ শিক্ষাৰ্থী জড়িত হৈ আছে ।

ABOUT THE AUTHOR

...view details