নিউজ ডেস্ক, ৩ এপ্ৰিলঃ দেশত এতিয়া লক্ ডাউন । কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ দেশত ঘোষণা কৰা হৈছে লক্ ডাউনৰ । লক্ ডাউনৰ মাজতেই কিছু দিন পূৰ্বে কলকাতাৰ পুৰুলিয়া জিলাৰ পৰা আহিছিল এটা আচৰিত খবৰ । খবৰটো আছিল ৫ জনীয়া বহিঃৰাজ্যৰ শ্ৰমিক যুৱকে কোৱাৰেণ্টাইন হৈ আছে গছৰ ওপৰত । এই ঘটনাৰ চৰ্চা মাৰ নৌযাওতেই পুনৰ কলকাতাৰ পৰাই পোহৰলৈ আহিছে আন এটা ব্যতিক্ৰমী কোৱাৰেণ্টাইনৰ খবৰ ।
এইবাৰ গছ অথবা পাহাৰ পৰ্বতত নহয়, এজন বৃদ্ধ ব্যক্তিয়ে জনবসতি পূৰ্ণ অঞ্চলৰ পৰা আঁতৰি আহি এখন নাৱত বিচাৰি উলিয়াইছে কোৱাৰেণ্টাইনৰ ঠাই ।
দৰাচলতে, নাদিয়া জিলাৰ নৱদ্বীপৰ নিৱাসী নিৰঞ্জন হালডাৰ পেচাত এগৰাকী ভক্তিমূলক গীত গাই ফুৰা গায়ক । এই বৃত্তিৰ ফলতেই ভিন্ন ৰাজ্যলৈ গান গাবলৈ যায় লোকজন । দেওবাৰেও প্ৰত্যক দিনৰ দৰে গান গাবলৈ ওলাই গৈ পাইছিল মালদালৈ । কিন্তু লক্ ডাউন তথা যাতায়ত ব্যৱস্থা বন্ধ থকাৰ বাবে বাহিৰলৈ ক'তো উলাই যাব পৰা নাছিল লোকজন । যাৰ বাবে সমস্যাত পৰিছিল নিৰঞ্জন । ক'লেই যাব, কেনেকৈ যাব ।
ভাৱি চিন্তি পিচত মালদাৰ হাবিবপুৰৰ ডোবাপাৰাত থকা আত্মীয়ৰ ঘৰত যোৱাৰ সিদ্ধান্ত কৰ লৈছিল নিৰঞ্জনে । কিন্তু যেতিয়াই নিৰঞ্জন উপস্থিত হ'ল আত্মীয়ৰ ঘৰত তেতিয়াই শংকিত হৈ পৰিল গাঁওবাসী । কাৰণ ইতিমধ্য়ে গাঁৱত বিৰাজমান কৰ'ণাৰ আতংক ।
নিৰঞ্জন যিহেতু বাহিৰৰ পৰা আহিছে তথা গান গাই ফুৰিছে কিমান মানুহৰ সংস্পৰ্শ লৈ আহিছো কোনেও জ্ঞাত নহয় । গতিকে গাঁওবাসীয়ে নিৰঞ্জনক মালাদা মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে ।