পানী মানুহৰ মৌলিক প্ৰয়োজন হোৱাৰ লগতে দেশৰ গুৰুত্বপূৰ্ণ সম্পদ । সামাজিক-অৰ্থনৈতিক বিকাশৰ লগতে মানুহৰ জীৱন ধাৰণৰ মানৰ ক্ষেত্ৰতো পানীয়েই মূল চাবিকাঠী । জনসংখ্যা বৃদ্ধিৰ হেঁচাৰ লগতে ক্ৰমবৰ্দ্ধমান অৰ্থনৈতিক কামকাজৰ বাবে পানীৰ চাহিদা-যোগানৰ ক্ষেত্ৰত ভৱিষ্যতে প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব । ভাৰতে তীব্ৰ জল সংকটৰ সন্মুখীন হৈ আছে । ২০২৫ৰ ভিতৰত পানীৰ সংকটৰ হেঁচাৰ লগতে পানীৰ তীব্ৰ সংকট ২০৫০ৰ ভিতৰত হোৱাটো শংকা কৰা হৈছে ।
পানীৰ মূল উৎস হৈছে নদী । নদীয়ে উচ্চ আৰু নামনি অংশৰ ব্যৱহাৰকাৰীক সংযোগ কৰায় । নদীয়ে যেনেকে পানীৰ সুবিধা প্ৰদান কৰে । একেদৰে প্ৰত্যাহ্বানৰো সৃষ্টি কৰে । সেয়ে নদীৰ ব্যৱস্থাপনাৰ সৈতে জটিল ৰাজনৈতিক আৰু অৰ্থনৈতিক ব্যৱস্থা জড়িত হৈ আছে । নদীৰ লগত জড়িত বিষয়সমূহৰ ৰাজনৈতিক দিশ থাকে । ৰাজনীতি হৈছে শক্তি, প্ৰভাৱ, সম্পদ আৱণ্টন আৰু নীতি কাৰ্যকৰী কৰাৰ লগত জড়িত । ইয়াৰ উপৰি ৰাজনীতি হৈছে ৰাষ্ট্ৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা ।
নদী সংযোগকৰণ বা নদীবান্ধ নিৰ্মাণ আদি নদীৰ লগত জড়িত নীতিসমূহ কাৰ্যকৰী ৰাজনৈতিক পৰিৱেশৰ মাজতে হয় । নৈপৰীয়া ৰাজ্যসমূহৰ মাজত প্ৰায় সহযোগিতাকেন্দ্ৰিক এক শক্তিৰ খেল চলে । যাৰ ফলত নদীক এখন দেশৰ বৈদেশিক নীতিৰ সহজ অংশ বুলি ধৰিব নালাগে । বৰঞ্চ ই উন্নয়নৰ লক্ষ্যৰ আৰু ঘৰুৱা প্ৰয়োজনৰ সৈতে জড়িত হৈ থকাৰ লগতে দ্বিপাক্ষিক সম্পৰ্কৰ ওপৰত প্ৰভাৱ পেলায় ।
পানীকলৈ সৃষ্টি হোৱা প্ৰত্যাহ্বানকলৈ নদীকেন্দ্ৰিক নীতি বা সুস্থ নদী আঁচনিৰ লগতে ৰাজনৈতিক বাস্তৱতাৰ প্ৰতিও গুৰুত্ব প্ৰদান কৰাটো জৰুৰী । বৰ্তমানৰ বহু চুক্তি পুনৰ মূল্যায়ন কৰাৰ লগতে সমসাময়িক জলকেন্দ্ৰিক জ্ঞান অনুসৰি নতুন চুক্তি স্বাক্ষৰ কৰিব লাগে ।ভাৰতৰ ভৌগলিক সীমাক উজনি, মধ্য আৰু নামনি নদীৰ উপত্যকা অঞ্চল হিচাপে ভাগ কৰি নদীকেন্দিক ৰাজনীতিৰ অভিকেন্দ্ৰ হোৱাৰ সম্ভাৱনা আছে । এইক্ষেত্ৰত সক্ৰিয় অংশীদাৰ হিচাপে অঞ্চলটোত থকা বহু নদীকেন্দ্ৰিক বিষয় সমাধান কৰিবলৈ ভাৰতৰ সন্মুখত গভীৰ প্ৰত্যাহ্বান আছে । যাৰ ফলত ফলপ্ৰসূ জল-কূটনীতিৰে ভাৰতে ইয়াৰ ক্ৰমবৰ্দ্ধমান পানীৰ প্ৰয়োজনীয়তা আৰু নিৰাপত্তাৰ বিষয়টো নিয়ন্ত্ৰণ কৰিব লাগিব ।
যদিও পানীয়ে পৃথিৱীৰ অধিকাংশ আগুৰি আছে ইয়াৰে ৩ শতাংশহে বিশুদ্ধ পানী । তাৰে ২ শতাংশই গোটা বৰফ বা হিমবাহ হিচাপে আছে । মাত্ৰ এক শতাংশহে, নৈ-বিল, হ্ৰদ, নিজৰা, পুখুৰী, জলাশয় আদিত মানুহৰ ব্যৱহাৰৰ বাবে আছে । জল সংকটৰ মুখামুখি হ’বৰ বাবে আমি এই পৰিমাণ মনত ৰাখিব লাগিব ।
বিগত শতিকাত পৃথিৱীৰ জনসংখ্যা তিনিগুণ বৃদ্ধি পোৱাৰ বিপৰীতে পানীৰ ব্যৱহাৰ ছগুণ বৃদ্ধি পাইছে । ২০৩০ৰ ভিতৰত বৰ্তমান সময়তকৈ পৃথিৱীত পানীৰ প্ৰয়োজনীয়তা ৪০ শতাংশ বাঢ়িব । একেদৰে দ্ৰুত গতিত বিকাশৰ পথত আগবঢ়া চীন-ভাৰতৰ দৰে দেশত এই পৰিমাণ ৫০ শতাংশ পৰ্যন্ত বৃদ্ধি পাব বুলি ঠাৱৰ কৰা হৈছে । ২০০৪ চনৰ ৰাষ্ট্ৰসংঘৰ ভৱিষ্যদ্বাণী মতে ২০৩০ ৰ ভিতৰত বিশ্বৰ জনসংখ্যা ৭.৫ বিলিয়ন আৰু ২০৫০ ৰ ভিতৰত ৯ বিলিয়ন বৃদ্ধি পাব । পানীৰ সংকটত ভোগা দেশসমূহতেই জনসংখ্যাৰ হাৰ বৃদ্ধি অধিক হ’ব । বিশেষকৈ জনবহুল দেশসমূহত চাহিদা আৰু যোগানৰ সন্তুলন নোহোৱাৰ ফলত পানীৰ গভীৰ সংকটে দেখা দিব ।
ভাৰতত পানীৰ অৱস্থা চিন্তনীয় বিষয় । বিশ্ববংকে ১৯৯ চনৰ প্ৰতিবেদনত প্ৰকাশ কৰামতে ২০২৫ চনৰ ভিতৰত পানীৰ চাহিদা ৫৫২ বিলিয়ন কিউবিক মিটাৰৰ পৰা ১০৫০ বিলিয়ন কিউবিক মিটাৰলৈ বৃদ্ধি পাব । ইয়াৰ ফলত দেশত উপলব্ধ পানীৰ সকলোবোৰ উৎস ব্যৱহাৰ কৰিব লাগিব । এই প্ৰতিবেদন অনুসৰি জন প্ৰতি পানীৰ উপলব্ধতা ১৯৪৭ চনৰ প্ৰতি বছৰে ৫০০০ কিউবিক মিটাৰৰ পৰা ১৯৯৭ চনত প্ৰতি বছৰে ২০০০ কিউবিক মিটাৰলৈ হ্ৰাস পায় । এই পৰিমাণ ২০২৫ ৰ ভিতৰত ১৫০০ কিউবিক মিটাৰ হোৱাৰ আশংকা কৰা হৈছে । যিটো পৰ্যায়ৰ পৰা পানীৰ হেঁচা আৰমভ হয়, তাতকৈ তলত এই পৰিমাণ । এই তালিকাত ভাৰতৰ ২০ টা ৰিভাৰ বেচন অন্তৰ্ভুক্ত কৰা হৈছে যিবোৰ জলসংকটৰ মাত্ৰাৰ তলত অৰ্থাৎ প্ৰতি বছৰে ১০০০ কিউবিক মিটাৰ । ২০০৯ চনৰ মেককিনছেৰ প্ৰতিবেদন মতে ২০৩০ ৰ ভিতৰত ভাৰতত পানীৰ চাহিদা প্ৰায় ১.৫ ত্ৰিলিয়ন কিউবিক মিটাৰ হ’ব । ইয়াৰ মূলতে জনসংখ্যা বৃদ্ধি আৰু ধান, ঘেঁহু আৰু চেনি আদিৰ প্ৰয়োজনীয়তা ।এই প্ৰতিবেদন অনুসৰিয়েই বৰ্তমানৰ পানী যোগানৰ পৰিমাণ প্ৰায় ৭৪০ বিলিয়ন কিউবিক মিটাৰ । এটা কথাৰ স্পষ্ট আভাস পোৱা গৈছে যে ভৱিষ্যতে ভৱিষ্যতৰ জল সংকটৰ লগতে উন্নয়ন আৰু আৰ্থিক প্ৰগতিত অংগাগীভাৱে জড়িত থাকিব কিয়নো কৃষিখণ্ডই হৈছে জলভাণ্ডাৰৰ সৰ্ববৃহৎ ব্যৱহাৰকাৰী । জনসংখ্যা বৃদ্ধি, জীৱন ধাৰণৰ মান উন্নত, সম্পদৰ সীমাবদ্ধতাৰ লগতে খাদ্য, শক্তি আৰু পানীৰ সংকটে বহনক্ষম উন্নয়নৰ নীতিসমূহৰ প্ৰতি প্ৰত্যাহ্বান হিচাপে দেখা দিছে ।
যদিও পানীৰ চাহিদা ব্যৱস্থাপনাৰ জৰিয়তে প্ৰভাৱ আৰু পানী সংৰক্ষণৰ ফলত অতিৰিক্ত পানী যোগান হ’ব পাৰে, এয়া সম্পূৰ্ণৰূপে জল সংকট দূৰ কৰাৰ বাবে যথেষ্ট হ’ব নোৱাৰে । যাৰ ফলত আন এক পানী যোগান ব্যৱস্থাপনা অপৰিহাৰ্য হৈ পৰিছে ।ইয়াৰ কাৰণ হৈছে জলবায়ু পৰিৱৰ্তন যাৰ প্ৰভাৱ পানীৰ উপলব্ধতাৰ ওপৰত ক্ষন্তেকীয়া বা দীৰ্ঘকালীন । বৰ্তমান উপলব্ধ উপায় যেনে অতিৰিক্ত জমাকৰণ, ৱাটাৰ হাৰ্ভেষ্টিং, পানীৰ পুনৰ ব্যৱহাৰ আদি উপকাৰী আৰু গুৰুত্বপূৰ্ণ হ’লেও পৰিৱৰ্তিত আঞ্চলিক বা তাৎক্ষণিক বৃষ্টিপাত আৰু পানীৰ ভাণ্ডাৰৰ প্ৰতি লক্ষ্য ৰাখি খৰাং-বান আদিৰ সংকটৰ মুখামুখি হব পৰাকৈ যথেষ্ট নহয় । বৰ্তমানৰ পানীৰ চাহিদা আৰু যোগান ব্যৱস্থাৰ ব্যৱধান আৰু জলবায়ু পৰিৱৰ্তনৰ সন্মুখীন হ’বলৈ যোগান ব্যৱস্থাপনাৰ উপায়সমূহ পুনৰ বিবেচনা কৰাৰ প্ৰয়োজন আছে ।
দুটা উপায়ৰ প্ৰতি ততাতৈয়াকৈ গুৰুত্ব দিয়া উচিত । প্ৰথম উপায়টো হ’ল-স্থানীয় জলস্ৰোত ধৰি ৰাখিবলৈ সৰু আৰু ডাঙৰ টেংকবোৰৰ পুনৰুজ্জীৱিতকৰণ আৰু পুনৰ সংস্থাপন । এই উপায় ভাৰতৰপেনিনছুলাৰ অংশত য’ত জলসিঞ্চন, খোৱাপানী, বা মাটিৰ তলৰ পানীৰ পুনৰ ব্যৱহাৰৰ বাবে টেংক ব্যৱস্থাই মুখ্য ভূমিকা পালন কৰে । বৰ্তমান আৰু ভৱিষ্যতৰ পানীৰ সমস্যা ৰাষ্ট্ৰীয় পৰ্যায়ত সমাধান কৰিব পৰা আন এটা উপায় হৈছে-ৰাষ্ট্ৰীয় পৰ্যায়ত জল গ্ৰীড স্থাপনেৰে উপলব্ধ থকা পানীৰ সদ্ব্যৱহাৰ, খৰাং-বানত পানীৰ সমস্যা ৰোধ, আ়্চলিক পৰ্যায়ত পানী যোগান নিয়্ন্ত্ৰণ কৰা । নিশ্চিতভাৱে এই নতুন পানী যোগান ব্যৱস্থাপনাৰ উপায়ৰ উদ্ভৱ হৈছে ক্ৰমবৰ্দ্ধমান পানীৰ যোগানৰ ব্যৱধানৰ লগতে জলবায়ু পৰিৱৰ্তনৰ ফলত বৰ্তমান আৰু ভৱিষ্যতে পানীৰ চাহিদা আৰু যোগানৰ ওপৰত হ’ব পৰা প্ৰভাৱৰ আশংকাৰ পৰা ।
যদিও সকলো ৰাজনৈতিক দল নিৰ্বিশেষ ৰাষ্ট্ৰীয় নদী সংযোগকৰণ প্ৰকল্পৰ ক্ষেত্ৰত সহমতত উপনীত হোৱা গৈছে, এই প্ৰকল্প কাৰ্যকৰী কৰিবলৈ ফলপ্ৰসূ পদক্ষেপৰ অভাৱ দেখা যায় । অৱশেষত ২০০২ চনত এক ৰাজহুৱা স্বাৰ্থজনিত গোচৰৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক এক টাস্ক ফোৰ্চ গঠন কৰাৰ লগতে ২০১২ চনৰ ভিতৰত প্ৰকল্পটো সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে । এই নিৰ্দেশমৰ্মে, কেন্দ্ৰীয় চৰকাৰে ২০০৩ চনৰ প্ৰথমভাগত নদী সংযোগকৰণৰ বাবে টাস্কফোৰ্চ গঠন কৰে । কিন্তু এতিয়ালৈকে প্ৰকল্পৰ কাম আৰম্ভ হোৱা নাই আৰু টাস্কফোৰ্চৰ প্ৰতিবেদনেও পোহৰৰ মুখ দেখা নাই ।
নদী সংযোগকৰণ প্ৰকল্পৰ লগত সম্পৃক্ত যোগান ব্যৱস্থাপনাৰ অৰ্থনৈতিক আৰু কৌশলগত গুৰুত্বৰ লগতে বিত্তীয়, আইনী আৰু ৰাজনৈতিক প্ৰত্যাহ্বানসমূহো স্পষ্ট । এই কৌশলৰ কাৰ্যকৰিতা নিৰ্ভৰ কৰে ইয়াক কেনেদৰে বৰ্তমান বিৰাজ কৰা অৰ্থনৈতিক, আইনী আৰু ৰাজনৈতিক প্ৰত্যাহ্বানৰ মাজতো প্ৰয়োগ কৰা হয় । যদিও নদী সংযোগকৰণ বা এন আৰ এল পি প্ৰয়োগক খৰচ আৰু উপকাৰিতাৰ ফালৰ পৰা গ্ৰহণযোগ্য বুলি ধৰা হয়, ৰাজনৈতিক আৰু কৌশলগত দিশৰ ফালৰ পৰা চাবলৈ গ’লে ইয়াক কম খৰচত আৰু আইনী-ৰাজনৈতিক বাধা অবিহনে খণ্ড খণ্ডকৈ কাৰ্যকৰী কৰিব লাগে । এনেদৰে এক নিৰ্ধাৰিত সময়ৰ ভিতৰত আংশিক বা খণ্ড খণ্ডকৈ সংযোগ কৰিব লাগিব । ই বহু পৰিমাণে ঘাটিৰ বোজা হ্ৰাস কৰাৰ লগতে পৰৱৰ্তী সময়ত অধিক টান সংযোগৰ ক্ষেত্ৰত সহায় কৰিব ।
সমান্তৰালভাৱে, ৰাজ্যসমূহৰ মাজত থকা সংঘাত দূৰৰ লগতে জল সম্পদ উন্নয়নৰ বাবে চৰকাৰে আইনী আৰু আনুষ্ঠানিক সংস্কাৰৰ ওপৰত কাম কৰিব লাগিব । এনেবোৰ আনুষ্ঠানিক সংস্কাৰ আৰু কাৰ্যকৰীকৰণত আংশিক কৌশলে নদী সংযোগীকৰণৰ ক্ষেত্ৰত যোগান ব্যৱস্থাপনাক সোনকালে কাৰ্যকৰী কৰাত সহায় কৰিব ।
-পি ভি ৰাও, যুটীয়া পৰিচালন সঞ্চালক, পেন্নাৰ ইণ্ডাষ্ট্ৰিছ্