অসম

assam

ETV Bharat / bharat

গুৰুগ্ৰামত চেনিটাইজিং কৰা কৰ্মীৰ ওপৰত ফুল বৰ্ষন - চেনিটাইজিং কৰা কৰ্মীৰ ওপৰত ফুল বৰ্ষন

হাৰিয়ানাৰ গুৰুগ্ৰামত কোভিড-১৯ ৰ বীজাণু ধ্বংস কৰাৰ বাবে চেনিটাইজিং কৰা কৰ্মীৰ ওপৰত ফুল বৰ্ষন । সমাজখন স্বচ্ছ কৰি ৰাখিবলৈ তেওঁলোকে দিয়া বলিদানৰ প্ৰতি সন্মান জনায় ফুল চটিওৱা হয় ।

গুৰুগ্ৰামত চেনিটাইজিং কৰা কৰ্মীৰ ওপৰত ফুল বৰ্ষন
গুৰুগ্ৰামত চেনিটাইজিং কৰা কৰ্মীৰ ওপৰত ফুল বৰ্ষন

By

Published : Apr 5, 2020, 9:59 AM IST

নিউজ ডেস্ক, ৫ এপ্ৰিলঃদেশত এতিয়া কৰ'ণা ভাইৰাছৰ আতংক । কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ দেশত চলি আছে লক্ ডাউন । লক্ ডাউনৰ সময়ত সকলোকে ঘৰত থকাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ । কিন্তু এই জটিল সময়তো নিজৰ দায়িত্ব পালন কৰি আছে চাফাই কৰ্মী, আৰক্ষী প্ৰশাসনে ।

চাফাই কৰ্মীৰ বলিদানৰ প্ৰতি সন্মান

শেহতীয়াকৈ হাৰিয়ানাৰ গুৰুগ্ৰাম জিলাত পৰিস্কাৰ-পৰিচন্নতাত নিয়োজিত এনে চাফাই কৰ্মীৰ বলিদানক সন্মান জনাই ফুল বৰ্ষন কৰে স্থানীয় লোকে । লগতে তেওঁলোকৰ এই কৰ্মৰ বাবেও বহুতে আকৌ পইচাও দিয়া পৰিলক্ষিত হৈছে । গুৰুগ্ৰাম চহৰখনত বৰ্তমানে কোভিড-১৯ ৰ বীজাণু ধ্বংস কৰাৰ বাবে চেনিটাইজ কৰি থকা হৈছে ।

চেনিটাইজিং কৰা কৰ্মীৰ ওপৰত ফুল বৰ্ষন

এই সন্দৰ্ভত স্থানীয় লোকে কয়, আমি নিজকে সুৰক্ষিত ভাৱে নিজৰ জীৱন ৰক্ষাৰ স্বাৰ্থত ঘৰত আৱদ্ধ কৰি ৰাখিছো । কিন্তু এই সকল ব্যক্তিয়ে দেশৰ তথা চহৰখনৰ সেৱাৰ বাবে এই জটিল সময়ত নিজকে নিয়োজিত কৰিছে যাতে আমি তথা চহৰখন সুৰক্ষিত হৈ থাকে ।

লগতে চাওক- কৰ'ণা ভাইৰাছ : লকডাউনৰ সময়ত কিদৰে চাপমু্ক্ত হৈ থাকিব

ABOUT THE AUTHOR

...view details