নিউজ ডেস্ক, ১৪ জুনঃ ছত্তীশগড়ৰ ৰাজনন্দাৰ পেন্দ্ৰী গাঁৱৰ কোৱাৰেণ্টাইন কেন্দ্ৰত এজন শ্ৰমিকক মাৰপিট কৰা ভিডিঅ' ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত । ভিডিঅ' টো ভাইৰেল হোৱাৰ পাচতে শনিবাৰে ঘটনা সন্দৰ্ভত স্পষ্টীকৰণ দিয়ে কেন্দ্ৰটোৰ মুখ্য চিকিৎসা তথা স্বাস্থ্য বিভাগৰ বিষয়ববীয়া মিথিলেছ চৌধৰীয়ে । শ্ৰমিকজন নিচাশক্ত অৱস্থাত থকাৰ বাবেই সমগ্ৰ ঘটনা সংঘটিত হৈছে বুলি সদৰি কৰে বিষয়া গৰাকীয়ে ।
ছত্তীশগড়ৰ ৰাজনন্দাৰ কোৱাৰেণ্টাইন কেন্দ্ৰত শ্ৰমিকক মাৰপিট, ভাইৰেল ভিডিঅ' - ছত্তীশগড়ৰ ৰাজনন্দাৰ পেন্দ্ৰী গাঁও
ছত্তীশগড়ৰ ৰাজনন্দাৰ কোৱাৰেণ্টাইন কেন্দ্ৰত শ্ৰমিকক মাৰপিটত কৰা ভিডিঅ' ভাইৰেল । কোৱাৰেণ্টাইন কেন্দ্ৰত শ্ৰমিকজনে নিচাশক্ত হৈ প্ৰৱেশ কৰা বাবেই এই কাণ্ড সংঘটিত হয় বুলি স্পষ্টীকৰণ দিয়ে কোৱাৰেনটাইনৰ কেন্দ্ৰৰ মুখ্য বিষয়াই ।
![ছত্তীশগড়ৰ ৰাজনন্দাৰ কোৱাৰেণ্টাইন কেন্দ্ৰত শ্ৰমিকক মাৰপিট, ভাইৰেল ভিডিঅ' ছত্তীশগড়](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7608499-112-7608499-1592107134734.jpg)
ছত্তীশগড়ৰ ৰাজনন্দাৰ কোৱাৰেণ্টাইন কেন্দ্ৰত শ্ৰমিকক মাৰপিট, ভাইৰেল ভিডিঅ'
ছত্তীশগড়ৰ ৰাজনন্দাৰ কোৱাৰেণ্টাইন কেন্দ্ৰত শ্ৰমিকক মাৰপিট, ভাইৰেল ভিডিঅ'
মিথিলেছ চৌধৰীৰ মন্তব্য অনুসৰি, কোৱাৰেণ্টাইন হৈ থকা শ্ৰমিকজন দুই ঘণ্টা ধৰি কোৱাৰেণ্টাইন কেন্দ্ৰত উপস্থিত নাছিল । লগতে কোৱাৰেণ্টাইন কেন্দ্ৰলৈ উভতি অহা সময়ত নিচাশক্ত আছিল শ্ৰমিকজন । এই ঘটনাৰ পাচতেই শ্ৰমিকজনে স্বাস্থ্য কৰ্মী সকলক কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা বাহিৰ কৰি দিবলৈ চেষ্টা কৰি পৰিৱেশ অশান্ত কৰি তুলে ।