অসম

assam

ETV Bharat / bharat

আমষ্টাৰডামত অনুষ্ঠিত আইবিচি 2019ত পুৰস্কৃত ইটিভি ভাৰত

আমষ্টাৰডামত অনুষ্ঠিত আন্তৰাষ্ট্ৰীয় প্ৰচাৰণ সন্মিলন (আইবিচি) 2019ত নতুন সৃষ্টি বঁটাৰে পুৰস্কৃত ইটিভি ভাৰত ৷ ফেছবুক সহিতে 180টা সংবাদ মাধ্যমৰ সৈতে প্ৰতিদ্বন্দিতা কৰি এই পুৰস্কাৰ দখল ইটিভি ভাৰতৰ ৷

By

Published : Sep 26, 2019, 7:21 AM IST

Updated : Sep 26, 2019, 6:31 PM IST

আমষ্টাৰডামত অনুষ্ঠিত আইবিচি 2019 ত পুৰস্কৃত ইটিভি ভাৰত

নিউজ ডেস্ক, 26 ছেপ্টেম্বৰ : 13 ছেপ্টেম্বৰত আমষ্টাৰডামত অনুষ্ঠিত আন্তৰাষ্ট্ৰীয় প্ৰচাৰণ সন্মিলন (আইবিচি) 2019ত নতুন সৃষ্টি বঁটাৰে পুৰস্কৃত হ'ল ইটিভি ভাৰত ৷ 'কনটেণ্ট এভ্ৰিহোৱেৰ' শ্ৰেণীত এই পুৰস্কাৰ লাভ কৰে ইটিভি ভাৰতে ৷ আন্তৰাষ্ট্ৰীয় প্ৰচাৰণ সন্মিলন হৈছে লণ্ডন ভিত্তিক সংবাদ মাধ্যম,মনোৰঞ্জন আৰু প্ৰযুক্তিবিদ্যাৰ এক অনুষ্ঠান ৷ ফেছবুক সহিতে 180 টা সংবাদ মাধ্যমৰ প্ৰতিদ্বন্দিতা কৰি এই পুৰস্কাৰ দখল কৰে ৷ লগতে আইবিচিয়ে ভাৰতৰ শীৰ্ষ নিউজ এপ হিচাপে খ্যাতি দিয়ে ইটিভি ভাৰতক ৷ ইয়াৰোপৰি ইটিভি ভাৰতক ডিজিটেল নিউজৰোমৰ বিপ্লৱ হিচাপে চিনাক্ত কৰে আইবিচিয়ে ৷ পাছত এই পুৰস্কাৰ ৰাম'জি গ্ৰুপৰ চেয়াৰমেনক ৰামোজি ৰাওক হায়দৰাবাদত অপৰ্ণ কৰে অবেক'ৰ চিইঅ' পৱেলে ৷

ৰাম'জি গ্ৰুপৰ চেয়াৰমেনক ৰামজি ৰাওক "নতুন সৃষ্টি বঁটা" অপৰ্ণ অবেক'ৰ চিইঅ' পৱেলৰ
উল্লেখযোগ্য ইটিভি ভাৰত হৈছে ভাৰতৰ একমাত্ৰ সংবাদ মাধ্যম যি ইংৰাজীৰ লগতে দেশৰ প্ৰধান 12 টা আঞ্চলিক ভাষা হিন্দী,উৰ্দু,তেলেগু, তামিল,উৰিয়া,মালায়ালম,গুজৰাটী,মাৰাঠী,বেংগলী,পাঞ্জাবী আৰু অসমীয়াত বাতৰি সম্প্ৰচাৰ কৰে ৷
আমষ্টাৰডামত অনুষ্ঠিত আইবিচি 2019 ত পুৰস্কৃত ইটিভি ভাৰত
Last Updated : Sep 26, 2019, 6:31 PM IST

ABOUT THE AUTHOR

...view details