নেশ্যনেল ডেস্ক, 30 মে': অষ্ট্ৰেলিয়াৰ এগৰাকী মহিলাই কৰ্ণাটকত সহায়ৰ বাবে ভিক্ষা কৰি কান্দোনত ভাঙি পৰা এক ভিডিঅ' চ'ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ ধাৰৱাড় জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ বাহিৰত কান্দোনত ভাঙি পৰে অষ্ট্ৰেলিয়াৰ মহিলাগৰাকী ৷
ভাৰতত আৱদ্ধ অষ্ট্ৰেলিয়াৰ মহিলাৰ কাতৰ অনুৰোধ সেই সময়ত কাৰ্যালয়ৰ বাহিৰত উপস্থিত কোনো লোকে মহিলা গৰাকীৰ ভিডিঅ' সংগ্ৰহ কৰি ৰাখে ৷ নাইছা নামৰ মহিলা গৰাকীয়ে উপায়ুক্ত কাৰ্যালয়ৰ বাহিৰত থকা আৰক্ষী বিষয়াক সহায়ৰ বাবে কাতৰ অনুৰোধ জনোৱা পৰিলক্ষিত হয় ৷ মহিলা গৰাকীয়ে জানিবলৈ দিয়ে যে, কৰ'ণা ভাইৰাছৰ ফলত ঘোষণা কৰা লকডাউনৰ ফলত ভাৰততে আৱদ্ধ হৈ পৰা মহিলা গৰাকীৰ ভিছাৰ ম্যাদ কিছুদিন পূৰ্বে উকলি যায় ৷
উপায়ুক্তৰ কাৰ্যালয় ভ্ৰমণ কৰা ধাৰৱাড়ৰ আৰক্ষী অধীক্ষক ভাৰ্টিকা কাটিয়াৰক অনুৰোধ জনাই আৰু আৰক্ষী বিষয়া গৰাকীয়ে সহায়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ কাটিয়াৰে কয় যে, তেওঁ অষ্ট্ৰেলিয়ান মহিলা গৰাকীক দিল্লীলৈকে যোৱাৰ লগতে অষ্ট্ৰেলিয়াৰ দূতাবাসৰ সৈতে যোগাযোগ কৰাত সহায় কৰিব ৷
ভাৰতত আৱদ্ধ অষ্ট্ৰেলিয়াৰ মহিলাৰ কাতৰ অনুৰোধ উল্লেখ্য যে, এই মহিলা গৰাকীয়ে হুবলীত ভাৰতীয় সংস্কৃতি, যোগাভ্যাস আৰু আধ্যাত্মিকতা সম্পৰ্কত অধ্যয়নৰ বাবে আহিছিল আৰু লকডাউন ঘোষণা কৰাৰ ফলত ভাৰততে আৱদ্ধ হৈ পৰিছিল ৷
এমাহতকৈ অধিক সময় অপেক্ষা কৰাৰ পাচত নাইছাই দিল্লীত উপস্থিত হ'বৰ বাবে উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ সহায়ৰ অনুৰোধ জনায় ৷ বহুবাৰৰ অনুৰোধৰ অন্ততো নাইছাই কোনো সহায় লাভ কৰা নাছিল ৷