নিউজ ডেস্ক, 14 ছেপ্তেম্বৰ : বিশাখাপট্টনমৰ চুক্কাভানি পালেমস্থিত এটা যোগান গৃহত অবৈধভাৱে এম'নিয়াম নাইট্ৰেট মজুত ৰখাৰ বাবে এটা ব্যক্তিগত কোম্পানীলৈ জাননী জাৰী কৰিছে অন্ধ্ৰ প্ৰদেশ আৰক্ষীয়ে ৷ 2012ৰ এম'নিয়াম নাইট্ৰেট অধিনিয়মৰ অধীনত আৰক্ষীয়ে জাননী জাৰী কৰিছে শ্ৰাৱন শ্বিপিং চাৰ্ভিছেজ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোলৈ ৷ অন্ধ্ৰ প্ৰদেশ আৰক্ষীৰ আৰক্ষী আয়ুক্ত মনিশ কুমাৰ সিনহাৰ নেতৃত্বত এটা দলে কোম্পানীটোক এসপ্তাহৰ ভিতৰত এই সন্দৰ্ভত এক বিৱৰণ দাঙি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷
এম'নিয়াম নাইট্ৰেটৰ নীতি ভংগৰ অপৰাধত শ্ৰাৱন শ্বিপিং কোম্পানীলৈ ৱাৰেন্ট লগতে পঢ়ক :চীনৰ উত্থানে চিন্তাত পেলাইছে নেকি আমেৰিকা যুক্তৰাষ্ট্ৰক !
আৰক্ষীৰ জাননীখনত এম'নিয়াম নাইট্ৰেট মজুত ৰখা সন্দৰ্ভত কেতবোৰ তথ্য স্পষ্টভাৱে উল্লেখ কৰা হৈছে ৷ ইয়াৰ ভিতৰত :
- এম'নিয়াম নাইট্ৰেট মজুত ৰখা যোগান গৃহসমূহ সুৰক্ষিত স্থানৰ পৰা 90 মিটাৰ দুৰত্বত থাকিব লাগে যদিও কোম্পানীটোৱে ইয়াক ভংগ কৰিছে ৷
- দুটাকৈ যোগান গৃহৰ মাজত 9 মিটাৰ ব্যৱধান থাকিব লাগে যদিও কোম্পানীটোৰ পৰিসৰৰ 9 মিটাৰৰো কম ব্যৱধানত এনেকুৱা 10টা যোগান গৃহ আছে ৷
- যদিও চি9 আৰু চি10ক যোগান গৃহ হিচাপে দেখুওৱা হৈছে, বাস্তৱত ইয়াক এটা হিচাপে পোৱা গৈছে ৷ দুয়োটা গৃহৰ মাজত এখন দেৱাল আছে আৰু ইয়াৰ দ্বাৰাই দুয়োটা গৃহক পৃথক হিচাপে দেখুৱাবৰ চেষ্টা কৰা হৈছে ৷
- চি5 আৰু চি6 যোগান গৃহৰ মাজৰ ব্যৱধান মাত্ৰ 2.3 মিটাৰ পোৱা গৈছে ৷ যিকোনো জৰুৰীকালীন অৱস্থাত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হ'ব পৰাকৈ ইয়াৰ মাজৰ পথছোৱা তেনেই ঠেক ৷
- নীতি অনুসৰি, এটা পৰিসৰত এটাই যোগান গৃহ থাকিব লাগে যদিও শ্ৰাৱন শ্বিপিং কোম্পানীটোৱে এটা পৰিসৰৰ ভিতৰত 10টাকৈ যোগান গৃহ আছে ৷
- আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, যোগান গৃহৰ ভিতৰত মজুত ৰখা এম'নিয়াম নাইট্ৰেট পেট্ৰ'লিয়াম আৰু বিস্ফোৰক সুৰক্ষা আয়োগৰ অধিনিয়ম ভংগ কৰি মজুত ৰখা হৈছে আৰু এই সন্দৰ্ভত আয়োগক অভিযোগ প্ৰদান কৰা হৈছে ৷
- প্ৰতি বৰ্গ মিটাৰত 1টন এম'নিয়াম নাইট্ৰেট মজুত ৰখাৰ অনুমতি দিয়া হয় যদিও কোম্পানীটোৱে এই অধিনিয়মো ভংগ কৰাৰ লগতে বৃহৎ পৰিমানে ৰাসায়নিক সামগ্ৰী মজুত কৰি ৰাখিছে ৷ এইটো অঞ্চলত প্ৰতিটো যোগান গৃহৰ বাবে 5,000 মেট্ৰিক টন এম'নিয়াম নাইট্ৰেট মজুত ৰখাৰ কৰ্তৃত্ব প্ৰদান কৰা হৈছিল যদিও কোম্পানীটোৰ দ্বাৰা ইয়াক ভংগ কৰা হৈছে ৷
- কোম্পানীটোৱে ইয়াৰ পৰিসৰত জিভিএমপি, যানবাহন আৰক্ষী, চিকিৎসক, আৰডিঅ আৰু অগ্নিনিৰ্বাপক বাহিনী ৰাখিছে যদিও এই সন্দৰ্ভত প্ৰতিমাহে আৰক্ষীলৈ পঠাবলগীয়া প্ৰতিবেদন প্ৰদানত বিফল হৈছে ৷
- প্ৰদুষণ নিয়ন্ত্ৰণ বোৰ্ডৰ 20,000 টন কাৰ্গো মজুত ৰখা অধিনিয়মকো কোম্পানীটোৱে ভংগ কৰিছে ৷
অৱশ্যে কোম্পানীটোৰ অধ্যক্ষ জি. চাম্বাছিভাৰাওৱে আৰক্ষীৰ এই অভিযোগ নসাৎ কৰিছে আৰু তেওঁলোকে সুৰক্ষাজনিত সকলো দিশ পালন কৰিছে বুলি উল্লেখ কৰে ৷ তেওঁ প্ৰকাশ কৰা অনুসৰি, তেওঁৰ কোম্পানীটোৱে কেন্দ্ৰীয় চৰকাৰৰ সুৰক্ষা অধিনিয়মসমূহ পালন কৰিয়ে এই যোগান গৃহ সমূহ স্থাপন কৰিছে বুলি উল্লেখ কৰে ৷
লগতে পঢ়ক :ভাৰত-আমেৰিকা অসামৰিক পাৰমানৱিক চুক্তিৰ অন্তৰালত থকা ব্যক্তিগৰাকী