অসম

assam

ETV Bharat / bharat

আৰক্ষীৰ জালত জইচ-ই-মহম্মদৰ দুৰ্ধৰ্ষ কেডাৰ - ইটিভি অসম

শ্ৰীনগৰৰ পৰা দিল্লী আৰক্ষীৰ বিশেষ শাখাই গ্ৰেপ্তাৰ কৰে জইচ-ই-মহম্মদৰ কেডাৰ ফয়জ আহমেদ লনক ৷ দীৰ্ঘদিন আত্মগোপন কৰি থকা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী ফয়জ আহমেদ লন ধৰা পৰে দিল্লী আৰক্ষীৰ হাতত ৷

etv bharat

By

Published : Apr 1, 2019, 12:58 PM IST

নিউজ ডেস্ক, 1 এপ্ৰিলঃনতুন দিল্লীত গ্ৰেপ্তাৰ জইচ-ই-মহম্মদৰ মষ্ট ৱাণ্টেড কেডাৰ ৷ দিল্লী আৰক্ষীৰ বিশেষ শাখাই জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ পৰা সোমবাৰে গ্ৰেপ্তাৰ কৰে জইচ-ই-মহম্মদৰ দুৰ্ধৰ্ষ কেডাৰ ফয়জ আহমেদ লনক ৷

2005 চনৰ পৰাই আত্মগোপন কৰি আছিল ফয়জ আহমেদ লনে ৷ সন্ত্ৰাসবাদীজনৰ শিৰৰ মূল্য 2 লাখ টকা নিৰ্ধাৰণ কৰিছিল দিল্লী আৰক্ষীয়ে ৷ পুলৱামা আক্ৰমণৰ পাচতে তৎপৰ হৈ উঠা সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ ফলতেই দীৰ্ঘদিন আত্মগোপন কৰি থকা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী ফয়জ আহমেদ লন ধৰা পৰে দিল্লী আৰক্ষীৰ হাতত ৷ এক জামিন বিহীন গ্ৰেপ্তাৰী পৰোৱানা দাখিল কৰি আৰক্ষীয়ে বৰ্তমানে সন্ত্ৰাসবাদীটোৰ বিৰুদ্ধে অনুসন্ধান অব্যাহত ৰাখিছে ৷উল্লেখ্য যে, পুলৱামা আক্ৰমণৰ মাষ্টাৰ মাইণ্ড মুদচ্চৰ আহমেদ খানৰ ঘনিষ্ঠ চাদক খানকো 21 মাৰ্চত গ্ৰেপ্তাৰ কৰিছিল দিল্লী আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details