নিউজ ডেস্ক, 11 আগষ্টঃমহামাৰীৰ সময়ছোৱাত প'লিচি ধাৰক সকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যে ভাৰতৰ সকলোতকৈ বিশাল বীমা প্ৰতিষ্ঠান Life Insurance Corporation of India (LIC) য়ে গ্ৰাহকসকলক বিচ্ছিন্ন বীমা প'লিচিসমূহ পুনৰুদ্ধাৰৰ বাবে দুই মাহৰ ম্যাদ বৃদ্ধি কৰিছে ৷LIC য়ে চলিত বৰ্ষৰ 10 আগষ্টৰ পৰা 9 অক্টোবৰলৈ এক বিশেষ পুনৰুদ্ধাৰ অভিযান আৰম্ভ কৰিব ৷ ইয়াৰ জৰিয়তে, specific eligible plans সমূহ কিছুমান নীতি নিয়মৰ মাজেৰে প্ৰথম পৰিশোধ নকৰা তাৰিখৰ পৰা 5 বছৰৰ ভিতৰত পুনৰুজ্জীৱিত কৰিব পৰা যাব ৷
ইয়াৰ পূৰ্বে যিসকল প'লিচি হ'লডাৰে নিজৰ বীমাসমূহ 2014 চনৰ 1 জানুৱাৰীত বীমা কৰিছিল তেওঁলোকে নিজৰ non-linked বীমাসমূহ 5 বছৰৰ ভিতৰত তথা unit-linked বীমাসমূহ প্ৰথম প্ৰিমিয়াৰ পৰিশোধ কৰাৰ 3 বছৰৰ ভিতৰত কৰিব পাৰিব ৷ কোভিড 19 ৰ পৰিপ্ৰেক্ষিতত যিসকলে নিজৰ প্ৰিমিয়াম যথাসময়ত পৰিশোধ কৰাত ব্যৰ্থ হৈছে LIC য়ে গ্ৰাহকসকলৰ বাবে এয়া সহজ কৰি তুলিছে বুলি অৱগত কৰে online insurance aggregator PolicyX.com. ৰ প্ৰতিষ্ঠাপক তথা CEO নভাল গোয়েলে ৷
- জীৱন বীমা প'লিচিৰ ম্যাদ উকলা বুলি কেতিয়া ধাৰ হয় ?
প'লিচিধাৰীকসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত পৰ্যায়ক্ৰমে নিৰ্দিষ্ট প্ৰিমিয়াম দিয়াত ব্যৰ্থ হয় তেতিয়া বীমাৰ ম্যাদ উকলা বুলি ধৰি লোৱা হয় ৷ লগতে বীমা ক'ভাৰৰ অস্তিত্ব বন্ধ হয় ৷
- LIC ৰ প'লিচিৰ গ্ৰেছ সময়ছোৱা কি ?
যদিহে বীমাৰ প্ৰিমিয়াম নিৰ্দিষ্ট সময়ৰ ভিতৰত পৰিশোধ কৰা হোৱা নাই তেতিয়া কিছু শতাংশ late fee প্ৰদানেৰে প্ৰিমিয়াম পৰিশোধৰ বাবে কিছু grace সময় প্ৰদান কৰা হয় ৷ কিন্তু যদিহে প'লিচিধাৰকে গ্ৰেছ সময়ছোৱাতো পৰিশোধ নকৰে তেন্তে বীমা ম্যাদ উকলি যায় ৷ গ্ৰেছ সময়ছোৱা 15 দিনৰ বাবে প্ৰদান কৰা হয় ৷
- LIC ৰ বিশেষ পুনৰুদ্ধাৰ আঁচনিৰ বাবে কোনবোৰ নীতি যোগ্য ?