অসম

assam

ETV Bharat / bharat

মাস্ক পৰিধান কৰি প্ৰতিবাদত বহিল গৌৰৱ গগৈ - সংসদৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত সাংসদ গৌৰৱ গগৈৰ

বায়ু প্ৰদূষণ ৰোধ কৰিবৰ বাবে সংসদৰ সন্মুখত প্ৰতিবাদত বহিল কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰদূষণ ৰোধৰ বাবে নতুন আইন কাৰ্যকৰী কৰিবলৈ আহ্বান জনাই গগৈয়ে ৷

সংসদৰ সন্মুখত গৌৰৱ গগৈৰ প্ৰতিবাদ

By

Published : Nov 18, 2019, 5:48 PM IST

নেশ্বনেল ডেস্ক, 18 নৱেম্বৰ : সোমবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ শীতকালীন অধিৱেশন ৷ এই অধিৱেশনতে সংসদৰ মজিয়াৰ সন্মুখত থকা মহাত্মা গান্ধীৰ মূৰ্তিৰ কাষতে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে ৷ তেওঁ কয়, সাম্প্ৰতিক সময়ত বৃদ্ধি পোৱা বায়ু প্ৰদূষণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নতুন আইন কাৰ্যকৰী কৰা উচিত ৷

প্ৰতিবাদ কৰাৰ সময়ত গৌৰৱ গগৈয়ে প্ৰদূষণ প্ৰতিৰোধী মাস্ক পৰিধান কৰাৰ লগতে প্ৰদূষিত চহৰত স্বাস্থ্যকৰ হাওঁফাও আৰু ধূম্ৰপান নকৰা লোকৰ হাওঁফাওৰ তুলনা কৰা এখন ফ'টো প্ৰদৰ্শন কৰে ৷

তেওঁ কয়, "মই প্ৰধানমন্ত্ৰী মোডীক বায়ু বিশুদ্ধিকৰণৰ বাবে নতুন আইন কাৰ্যকৰী কৰিবলৈ আহ্বান জনাইছো ৷ কিয়নো বৰ্তমানৰ আইনখন 1981 চনৰে আৰু এইখন বৰ্তমানৰ পৰিস্থিতিত প্ৰচলিত হোৱাটো অসম্ভৱ ৷ এই আইনে দেশৰ বৰ্তমানৰ প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত কোনো কাৰ্যপন্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই ৷" তেওঁ লগতে কয়, "বৰ্ধিত বায়ু প্ৰদূষণে শিশুসকলক প্ৰভাৱিত কৰিছে ৷ এয়া কেৱল পৰিৱেশ সম্পৰ্কীয়ই নহয়, স্বাস্থ্যজনিত বিষয়ো হৈ পৰিছে ৷ এয়া ৰাষ্ট্ৰীয় বিষয় ৷"

কংগ্ৰেছ সাংসদগৰাকীয়ে কয়, "শীতকালিন অধিৱেশনতে বায়ু প্ৰদূষণ সম্পৰ্কত আলোচনা হোৱাটো আমি বিচাৰো ৷ অহা দিনকেইটাত মই সভাপতিৰ সৈতে এই সম্পৰ্কত বাৰ্তালাপ কৰিম ৷"

আৰু পঢ়ক : বিশেষভাৱে সক্ষম ছাত্ৰক সম্ভাষণ ময়ংক আগৰৱালৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details