মহাৰাষ্ট্ৰ,2 জুলাই: মহাৰাষ্ট্ৰৰ পূৱ মালাদত সোমবাৰে নিশা দেৱাল খহি 18 জনৰ মৃত্যু,4 জন লোক গুৰুতৰভাবে আহত আৰু 52 জন আহত ৷ প্ৰবল বৰষুণৰ বাবে দেৱাল খহাৰ সন্দেহ ৷
ইয়াৰ ওপৰিও বহু লোক ভগ্ন দেৱালৰ ধ্বংসস্তুপৰ মাজত আবদ্ধ হৈ থকাৰ সন্দেহ ৷ সোমবাৰে নিশা মহাৰাষ্ট্ৰৰ কল্যাণস্থিত ৰাষ্ট্ৰীয় উৰ্দু বিদ্যালয়ৰ দেৱাল খহি 3 জন লোকৰ মৃত্যু হোৱাৰ উপৰিও 1 জন লোক আহত হয় ৷
পুণেৰ আম্বেগাৱঁতো দেৱাল খহি 6 গৰাকী লোকৰ মৃত্যু হয় ৷
প্ৰবল বৰষুণৰ ফলত মহাৰাষ্ট্ৰত দেৱাল খহি বহু লোকৰ মৃত্যু প্ৰবল বৰষুণৰ ফলত বহু ঠাইত দেৱাল খহাৰ ফলত বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা কথা বাতৰি প্ৰকাশ হৈছে ৷ প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰ আৰু প্ৰশাসনে 2 জুলাইৰ দিনতো বন্ধ ঘোষণা কৰিছে ৷
প্ৰবল বৰষুণৰ ফলত মহাৰাষ্ট্ৰত দেৱাল খহি বহু লোকৰ মৃত্যু মৃতকৰ পৰিয়াললৈ 5 লাখ টকাৰ সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ
প্ৰবল বৰষুণৰ ফলত মহাৰাষ্ট্ৰত দেৱাল খহি বহু লোকৰ মৃত্যু