নতুন দিল্লী,28 মাৰ্চ : ভি.ভি.পেট গোচৰত নিৰ্বাচন আয়োগৰ শপতনামা দাখিলৰ সময় শুকুৰবাৰলৈ বৃদ্ধি ৷সময়সীমা বৃদ্ধিৰ বাবে আবেদন জনাইছিল মুখ্য নিৰ্বাচনী আয়োগে ৷প্ৰতিটো সমষ্টিৰ এটা ভোট গ্ৰহণ কেন্দ্ৰত ভি.ভি. পেটৰ তাৎক্ষণিক পৰীক্ষা কৰা সম্পৰ্কে কাৰণ দৰ্শাই শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে ৷
প্ৰতিটো সমষ্টিত এটাতকৈ অধিক ভোটগ্ৰহণ কেন্দ্ৰত ভি.ভি.পেট যন্ত্ৰৰ তাৎক্ষণিক পৰীক্ষাৰ সপক্ষে সোমবাৰে মতপোষণ কৰিছিল উচ্চতম ন্যায়ালয়ৰ এক বিচাৰপীঠে ৷বিচাৰপীঠ খনে প্ৰকাশ কৰা অনুসৰি ভি.ভি.পেট সমূহৰ সঠিক ৰূপত পৰীক্ষণে নিকা নিৰ্বাচন অনুষ্ঠিত কৰাত সহায় কৰিব ৷ ইয়াৰ প্ৰত্যুত্তৰত নিৰ্বাচন আয়োগৰ তৰফৰ পৰা উচ্চতম ন্যায়ালয়ক জনোৱা হৈছিল যে প্ৰতিটো সমষ্টিত এটাকৈ ভোটগ্ৰহণ কেন্দ্ৰত ভি.ভি.পেটৰ তাৎক্ষণিক পৰীক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিঠাৰপীঠে নিৰ্বাচনী আয়োগক বৃহস্পতিবাৰৰ ভিতৰত প্ৰতিটো সমষ্টিত কিয় এটা ভোট গ্ৰহণ কেন্দ্ৰতহে ভি.ভি.পেট পৰীক্ষা কৰা হৈছে এই বিষয়ত এক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল ৷