অসম

assam

ETV Bharat / bharat

মহাৰাষ্ট্ৰৰ 288 টাকৈ সমষ্টিত ভোট গ্ৰহণ আৰম্ভ - মহাৰাষ্ট্ৰৰ 288 টাকৈ সমষ্টিত ভোট গ্ৰহণ আৰম্ভ

মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ আৰম্ভ হৈছে ৷ 288 টাকৈ সমষ্টিৰ 3,237 জন প্ৰতিদ্বন্দীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷

মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন

By

Published : Oct 21, 2019, 9:54 AM IST

নেশ্বনেল ডেস্ক, 21 অক্টোবৰ : মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে ৷ বিজেপিয়ে দ্বিতীয়বাৰৰ বাবে ক্ষমতাত আহিবলৈ চেষ্টা চলোৱাৰ লগতে সহজ জয় সাব্যস্ত কৰাৰ আশা প্ৰকাশ কৰিছে ৷ মুঠ 288 টা সমষ্টিত ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে ৷ 288 টাকৈ সমষ্টিৰ 3,237 জন প্ৰতিদ্বন্দীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে আৰু ইয়াৰে 235 গৰাকী মহিলা প্ৰতিদ্বন্দী বুলি জানিব পৰা গৈছে ৷

মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন

প্ৰখ্যাত প্ৰতিদ্বন্দীসকলৰ ভিতৰত আছে নাগপুৰ দক্ষিণ পশ্চিম সমষ্টিৰ হৈ প্ৰতিদ্বন্দিতা কৰা মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাডনাভিছ, নানদেদ জিলাৰ ভোকাৰৰ পৰা অশোক চৱন, চাটাৰা জিলাৰ দক্ষিণ কাৰাডৰ পৰা পৃথ্বীৰাজ চৌহান আদি ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details