অসম

assam

ঝাৰখণ্ডৰ অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ আৰম্ভ

By

Published : Dec 20, 2019, 10:56 AM IST

ঝাৰখণ্ডৰ পঞ্চম তথা অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ আৰম্ভ ৷ ৰাজ্যখনৰ 16 টা সমষ্টিত পুৱা 7 বজাৰ পৰা আৰম্ভ হয় ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷

Voting begins for final phase of Jharkhand assembly polls
ঝাৰখণ্ডৰ অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ আৰম্ভ

নেশ্যনেল ডেস্ক, 20 ডিচেম্বৰঃশুক্ৰবাৰেঝাৰখণ্ডৰ পঞ্চম তথা অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ আৰম্ভ হয় ৷ ৰাজ্যখনৰ 16 টা সমষ্টিত পুৱা 7 বজাৰ পৰা আৰম্ভ হয় ভোট গ্ৰহণ ৷ উল্লেখ্য যে, 29 গৰাকী মহিলাসহ মুঠ 237 জন প্ৰাৰ্থীয়ে অৱতীৰ্ণ হৈছে এই 16 সমষ্টিৰ পৰা ৷ সমষ্টিকেইটাৰ সৰ্বমুঠ 40,05,287 ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব প্ৰাৰ্থীসকলৰ ৷ এই প্ৰাৰ্থীসমূহৰ ভিতৰত মুখ্যমন্ত্ৰী ৰঘূবীৰ দাসকে ধৰি ৰাজ পালিৱাৰ, লুইচ মাৰাণ্ডী আৰু ৰণধীৰ সিঙ অন্যতম ৷ আনহাতে মুখ্যমন্ত্ৰী পদত কংগ্ৰেছ আৰু জে.এম.এম দলৰ প্ৰাৰ্থী অৱতীৰ্ণ হোৱাৰ উপৰিও আৰ.জে.ডিৰ প্ৰাৰ্থী হেমন্ট চোৰেনে ডুমুকা আৰু বাৰহেটৰ পৰা নিজৰ প্ৰাৰ্থীত্ব আগবঢ়াইছে ৷

ABOUT THE AUTHOR

...view details