নিউজ ডেস্ক, ১৪ মে' :বিশাখাপট্টনম গেছ ট্ৰেজেডীৰ পিচতেই বিশাখাপট্টনম পলিমাৰ প্লান্টৰ স্বত্বাধিকাৰী কোম্পানী এল জি কেমে এক বিজ্ঞপ্তি প্ৰকাশ কৰিছে । সেই অনুসৰি, কোম্পানীটোৱে দক্ষিণ কোৰিয়ালৈ বুলি পলিমাৰ প্লান্টৰ পৰা মাৰাত্মক ষ্টেৰিন মন'মাৰ নিজ দেশলৈ নিয়াৰ ব্যৱস্থা কৰিছে । সাগৰীয় পথেৰে ইতিমধ্যে এই কাম আৰম্ভ কৰিছে কোম্পানীটোৱে । অৱশ্যে এই ঘটনাৰ বলি হোৱা লোকসকলৰ সাহাৰ্যৰ বাবে এল জি পলিমাৰে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলিও উল্লেখ কৰিছে ।
বিশাখাপট্টনম গেছ ট্ৰেজেডী : ষ্টেৰিন মন'মাৰ ইনভেন্টৰিৰ আদান প্ৰদান আৰম্ভ - ষ্টেৰিন মন'মাৰ গেছ
বিশাখাপট্টনমৰ গেছ ট্ৰেজেডীৰ পিচতে উক্ত গেছ প্লান্টৰ স্বত্বাধিকাৰী সংস্থা দক্ষিণ কোৰিয়াৰ এল জি কেমে উক্ত স্থানৰ পৰা মাৰাত্মক ষ্টেৰিন মন'মাৰ নিজ দেশলৈ নিয়াৰ ব্যৱস্থা আৰম্ভ কৰিছে ।
বিশাখাপট্টনম গেছ ট্ৰেজেডী
অঞ্চলটোৰ সুৰক্ষাৰ বাবেই কোম্পানীটোৱে এইদৰে তাত থকা মাৰাত্মক গেছবিধ নিজ দেশলৈ নিয়াৰ ব্যৱস্থা কৰিছে আৰু ইতিমধ্যে সমগ্ৰ অঞ্চলটো ছীল কৰি তাৰ সুৰক্ষা নিশ্চিত কৰা হৈছে বুলি বিজ্ঞপ্তিটোত উল্লেখ কৰিছে কোম্পানীটোৱে । ১১জনকৈ লোকৰ প্ৰাণ কাঢ়ি নিয়া বিশাখাপট্টনম গেছ ট্ৰেজেডীৰ অনুসন্ধান কৰিবলৈ কোম্পানীটোৱে ছিউলৰ পৰা এটা ৮জনীয়া অনুসন্ধানকাৰী দল প্ৰেৰণ কৰিছে । আনহাতে কোম্পানীটোৱে গঠন কৰি দিয়া এটা টাক্স ফৰ্ছে ইতিমধ্যে বিশাখাপট্টনমত কাম কৰি আছে ।