অসম

assam

ETV Bharat / bharat

বিশাখাপট্টনমৰ গেছ নিৰ্গমণ সন্দৰ্ভত তদন্ত কমিটিয়ে ২২ জুনত চৰকাৰক দিব লাগিব প্ৰতিবেদন - বিশাখাপট্টনমৰ গেছ লিক সন্দৰ্ভত তদন্ত কমিটিয়ে ২২ জুনত চৰকাৰক দিব লাগিব প্ৰতিবেদন

অন্ধ্ৰ প্ৰদেশৰ চৰকাৰে বিগত মাহত সংঘটিত বিশাখাপট্টনম গেছ লিক হোৱা ঘটনা সন্দৰ্ভত গঠন কৰা কমিটিত পুনৰ চাৰিজন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰে । এই কমিটিখনে আগন্তুক ২২ জুনত চৰকাৰ ওচৰত ঘটনা সন্দৰ্ভত সকলো তথ্য সদৰি কৰিব লাগিব বুলিও সদৰি কৰে ।

বিশাখাপট্টনম
বিশাখাপট্টনমৰ গেছ লিক ঘটনাঃ তদন্ত কমিটিয়ে ২২ জুনত চৰকাৰক দিব লাগিব সকলো তথ্য

By

Published : Jun 10, 2020, 2:58 PM IST

নিউজ ডেস্ক, ১০ জুনঃ অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত বিগত মাহত হোৱা এলজি পলিমাৰ প্লাণ্টত সংঘটিত গেছ নিৰ্গমণৰ ঘটনা সন্দৰ্ভত তদন্তৰ বাবে গঠন কৰা কমিটিত পুনৰ চাৰিজন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰে ।

বিশাখাপট্টনমৰ গেছ লিক ঘটনাঃ তদন্ত কমিটিয়ে ২২ জুনত চৰকাৰক দিব লাগিব সকলো তথ্য

অন্ধ প্ৰদেশ চৰকাৰে বিগত ৯ জুনত সদৰি কৰা অনুসৰি, ঘটনা সন্দৰ্ভত তদন্তৰ বাবে ৮ মে' ত গঠন কৰা কমিটিখনে ২২ জুনত ৰিপোৰ্ট দাখিল কৰিব লাগিব । আনহাতে,ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰণালয়ে তদন্ত কমিটিখনৰ বাবে বাছনি কৰা আন চাৰিজন বিশেষজ্ঞ হৈছে, এছ কে নায়ক,ভাৰত কুমাৰ শৰ্মা,আৰ কে এলানগোভান আৰু অঞ্জন ৰয় ।

উল্লেখ্য যে, অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনম জিলাৰ আৰআৰ বেংকটপুৰম গাঁৱত এল জি পোলিমাৰ্চ য়ুনিটৰ পৰা গেছ নিৰ্গমণ হৈ বিগত ৭ জুনত প্ৰায় ১২ জন লোকৰ মৃত্যু হয় ।

লগতে চাওকঃ জম্মুৰ অনন্তনাগত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত গাঁৱৰ মুখিয়াল

ABOUT THE AUTHOR

...view details