বিশাখাপট্টনম,5 আগষ্ট:অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ে মঙলবাৰে এলজি পলিমাৰ উদ্যোগৰ মুৰব্বী সুনকে জেয়ংগ, সঞ্চালক ডিএছ কিম, অতিৰিক্ত সঞ্চালক মোহন ৰাও সহ অন্যান্য আঠগৰাকী অভিযুক্তক জামিনত মুকলি কৰি দিয়ে ৷ উক্ত ব্যক্তি কেইগৰাকী দেশ জোকাৰি যোৱা বিশাখাপট্টনমৰ ভিজাগৰ গেছ লিক কাণ্ডত জড়িতৰ সন্দেহত গ্ৰেপ্তাৰ কৰা হৈছিল ৷
ইয়াৰ পূৰ্বে বিগত জুলাই মাহত আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, কোম্পানীটোৰ মুৰব্বী সহিতে অন্যান্য 12 গৰাকী অভিযুক্তৰ ন্যায়িক জিম্মাৰ ম্যাদ 5 আগষ্টলৈকে বৃদ্ধি কৰা হৈছিল ৷ বিগত 7 মে’ত সংঘটিত দেশ জোকাৰি যোৱা উক্ত গেছ লিক কাণ্ডত 12 গৰাকী লোকে কৰুণ মৃত্যুক আঁকোৱালি লোৱাৰ বিপৰীতে আহত হৈছিল প্ৰায় শতাধিক লোক ৷ ইয়াৰ পিছতে কোম্পানীটোৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল এক গোচৰ ৷ ভিজাগ গেছ লিক কাণ্ডৰ দুমাহ পিছত,নীৰভ কুমাৰ প্ৰসাদৰ নেতৃত্বাধীন উচ্চস্তৰীয় বিচাৰপীঠে জুলাই মাহত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাইএছ জগনমোহন ৰেড্ডীক ৰায়দানৰ প্ৰতিলিপি চমজাই দিছিল ৷