অসম

assam

By

Published : Jul 7, 2020, 12:02 AM IST

ETV Bharat / bharat

বিস্তাৰা বিমান সংস্থাই প্ৰদান কৰিব একোজন যাত্ৰীক দুখনকৈ আসন

বিস্তাৰাৰ মুখ্য বাণিজ্যিক বিষয়া বিনোদ কন্ননে জনাই যে, আমাৰ সৈতে যিসমূহ যাত্ৰীয়ে যাত্ৰা কৰিব বিচাৰে তেওঁলোকে দুখন আসন দখল কৰিব পাৰে । লগতে জনাই যে, অতিৰিক্ত আসনখন দখল কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ মাচুল প্ৰদান কৰিব নালাগে । ইতিমধ্যে, ট্ৰেভেল এজেঞ্চি সমূহক ইয়াৰ বিষয়ে অৱগত কৰা হৈছে আৰু অনতিপলমে ইয়াৰ বিষয়ে ৱেব চাইটত উপলব্ধ কৰা হ'ব ।

vistara-to-allow-booking-adjacent-seat-for-social-distancing
vistara-to-allow-booking-adjacent-seat-for-social-distancing

নিউজ ডেস্ক, ৬ জুলাই : বিমান সংস্থা বিস্তাৰাই সোমবাৰে জনাই যে, যি সমূহ যাত্ৰীয়ে বিমান যাত্ৰা কৰিব বিচাৰে এতিয়াৰ পৰা তেওঁলোকে দুখন আসন বুকিং কৰিব পাৰিব যাতে যাত্ৰী সকলে কাষৰ আসনখন খালী ৰাখিব পাৰে ।

বিস্তাৰাৰ মুখ্য বাণিজ্যিক বিষয়া বিনোদ কন্ননে জনাই যে, আমাৰ সৈতে যিসমূহ যাত্ৰীয়ে যাত্ৰা কৰিব বিচাৰে তেওঁলোকে দুখন আসন দখল কৰিব পাৰে । লগতে জনাই যে, অতিৰিক্ত আসনখন দখল কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ মাচুল প্ৰদান কৰিব নালাগে । ইতিমধ্যে, ট্ৰেভেল এজেঞ্চি সমূহক ইয়াৰ বিষয়ে অৱগত কৰা হৈছে আৰু অনতিপলমে ইয়াৰ বিষয়ে ৱেব চাইটত উপলব্ধ কৰা হ'ব ।

উল্লেখনীয়ভাবে ১৫ জুনত মুম্বাই উচ্চ ন্যায়ালয়ে বিমান সংস্থা সমূহক কেৱল মাজৰ আসনটিত যাত্ৰী বহুৱাবলৈ নিৰ্দেশ প্ৰদান কৰিছিল আৰু যাত্ৰাৰ সময়ত সকলো ধৰণৰ নীতি-নিৰ্দেশনাৰ মানি চলিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল ।

আনহাতে, কোভিড-১৯ ৰ সময়ত যাত্ৰা কৰা যাত্ৰী সকলৰ বিষয়ে জানিবলৈ বিস্তাৰাই নিজৰ প্ৰায় ৬ হাজাৰ গ্ৰাহকৰ মাজত এক পৰীক্ষা চলাইছিল । এই পৰীক্ষাৰ অন্তত যাত্ৰা কৰা ৩১ শতাংশ যাত্ৰীৰ মনত ভাইৰাছবিধৰ বাবে বহুতো ভয় আছিল । ২৪ শতাংশ যাত্ৰীৰ সহযোগী যাত্ৰীৰ পৰা ভাইৰাছ সক্ৰমণৰ বাবে ভয় আছিল আৰু ১৫ শতাংশ যাত্ৰীৰ বাবে বিমানৰ উচ্চ মূল্যৰ বাবে চিন্তা আছিল । লগতে ৬৫ শতাংশ যাত্ৰী আগন্তুক ৬ মাহৰ ভিতৰত পুনৰ যাত্ৰা আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে । একেদৰে ৩৫ শতাংশ যাত্ৰীৰ বাবে তেওঁলোকে যাত্ৰা কৰাৰ প্ৰধান কাৰণ হৈছে ব্যৱসায় । একে সময়তে ২০ শতাংশ লোকে পৰৱৰ্তী সময়ত ভাৰতৰ বাহিৰত যাত্ৰা কৰাৰ সম্ভাৱনা আছে । ইয়াৰ ভিতৰতে বহুতে আমেৰিকা, ডুবাই, ছিংগাপুৰত যাবলৈ ইচ্ছা প্ৰকাশ কৰিছে ।

ABOUT THE AUTHOR

...view details