নিউজ ডেস্ক,8 জানুৱাৰী: বিগত 5ৰ পৰা 7 জানুৱাৰীলৈ ইষ্টাৰ্ণ এয়াৰ কামাণ্ড অঞ্চলৰ এয়াৰ ফ’ৰ্চ ষ্টেচন আৰু এডভাঞ্চ লেণ্ডিং গ্ৰাউণ্ডসমূহ পৰিদৰ্শন কৰে ভাৰতীয় বায়ু সেনাৰ চীফ অব এয়াৰ ষ্টাফ, এয়াৰ চীফ মাৰ্চেল আৰ.কে.এছ ভাদুৰীয়াই ৷ এই ভ্ৰমণকালত বায়ুসেনা প্ৰধানগৰাকীয়ে বায়ুসেনা আৰু আৰ্মি কামাণ্ডাৰ সকলৰ সৈতে আলোচনাত মিলিত হৈ এই অঞ্চলসমূহত নিয়োজিত হৈ থকা ইউনিটসমূহৰ অপাৰেশ্যনেল প্ৰস্তুতিসমূহ পৰ্যবেক্ষণ কৰে ৷
ইষ্টাৰ্ণ এয়াৰ কামাণ্ড পৰিদৰ্শন বায়ুসেনা প্ৰধানৰ - বায়ু সেনাৰ চীফ অব এয়াৰ ষ্টাফ
বিগত 5ৰ পৰা 7 জানুৱাৰীলৈ ভাৰতীয় বায়ু সেনাৰ চীফ অব এয়াৰ ষ্টাফ, এয়াৰ চীফ মাৰ্চেল আৰ.কে.এছ ভাদুৰীয়াই ইষ্টাৰ্ণ এয়াৰ কামাণ্ড অঞ্চলৰ এয়াৰ ফ’ৰ্চ ষ্টেচন আৰু এডভাঞ্চ লেণ্ডিং গ্ৰাউণ্ডসমূহ পৰিদৰ্শন কৰে ৷

ইষ্টাৰ্ণ এয়াৰ কামাণ্ড অঞ্চল পৰিদৰ্শন বায়ুসেনা প্ৰধানৰ
বায়ুসেনা বিষয়াসকলৰ সৈতে বায়ুসেনাত অব্যাহত পৰিৱৰ্তনক আগুৱাই নিয়াৰ বাবে মুখ্য ক্ষেত্ৰসমূহৰ প্ৰচাৰ কৰাৰ উপৰিও বায়ুসেনা প্ৰধানগৰাকীয়ে চিক্কিম আৰু উত্তৰ পূৰ্বাঞ্চলত বৃহৎ পৰিমাণে সঞ্চালিত হোৱা হেলিকপ্তাৰ আৰু বিমানেৰে উৰণ সম্পন্ন কৰে ৷ অতি কঠিন অঞ্চল তথা অত্যন্ত প্ৰত্যাহ্বানপূৰ্ণ বাতাবৰণতো সুচাৰুৰূপে কাম কৰাৰ উপৰিও ৰাইজৰ সহায়ৰ বাবে হেলাৰঙে আগবাঢ়ি যোৱাৰ বাবে বায়ুসেনাক ধন্যবাদ জ্ঞাপন কৰে সেনা প্ৰধান গৰাকীয়ে ৷
লগতে পঢ়ক-বাৰ্ড ফ্লুৰ বাবে ৰাজ্যসমূহলৈ সতৰ্কতা জাৰি পৰিৱেশ মন্ত্ৰণালয়ৰ