অসম

assam

By

Published : Apr 30, 2020, 1:11 PM IST

ETV Bharat / bharat

বাদুলীৰ দ্বাৰা কৰ'ণাৰ সংক্ৰমণঃ ভ্ৰান্ত ধাৰণা নে আন কিবা !

বাদুলীৰ দ্বাৰা কৰ'ণাৰ সংক্ৰমণৰ বিষয়টো বৰ্তমানো বহুতৰে বাবে এক ৰহস্যৰ বিষয় হৈ আছে । কিন্তু কি এই ভাইৰাছবিধৰ উৎস ? ক'ৰ পৰা আহিল এই ভাইৰাছ ?

Virus outbreak through bats Just a Rumour
Virus outbreak through bats Just a Rumour

নিউজ ডেস্ক, 30 এপ্ৰিলঃ ন'ভেল কৰ'ণা ভাইৰাছ, আমাৰ চকুৰে মনিব নোৱাৰা এক অনুজীৱ, যি সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে । লক্ষাধিক মানুহৰ ইতিমধ্যে মৃত্যু হৈছে ।

কিন্তু কি এই ভাইৰাছবিধৰ উৎস ?

ক'ৰ পৰা আহিল এই ভাইৰাছ ?

বাদুলীৰ দ্বাৰা কৰ'ণা ভাইৰাছৰ সংক্ৰমণ হোৱা বুলি ভৱাটো শুদ্ধনে?

দক্ষিণ-পূৱ এছিয়াৰ কিছু গৱেষক আৰু বাদুলী সংৰক্ষণৰ লগত জড়িত বিজ্ঞানীৰ মতে, বাদুলীৰ দ্বাৰা কৰ'ণাৰ সংক্ৰমণ হোৱাটো সম্পূৰ্ণভাৱে শুদ্ধ নহয় । বাদুলীৰ দ্বাৰ সংক্ৰমণ হোৱাটো এক ভ্ৰান্ত ধাৰণাহে । বাদুলীৰ দ্বাৰা কৰ'ণাৰ সংক্ৰমণ হোৱা বুলি উৰা বাতৰি প্ৰচাৰ হোৱাৰ পিচতে জনবসতিপূৰ্ণ অঞ্চলসমূহৰ পৰা বাদুলীৰ খোৰোং সমূহ উৎখাত কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে আৰু ই সচকিত কৰি তুলিছে বন্যপ্ৰাণী প্ৰেমীসকলক ।

হায়দৰাবাদস্থিত ওছমানিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক প্ৰফেচৰ শ্ৰীনিৱাসে 64 জন গৱেষকে প্ৰকাশ কৰা এক বিবৃতিৰ উদ্ধৃতি দি কয় যে, কৰ'ণাৰ সংক্ৰমণৰ লগত বাদুলীৰ কোনো সম্পৰ্ক নাই । লগতে তেওঁ সমূহ ৰাইজক জুই জ্বলাই অথবা ফটকা ফুটাই বাদুলীৰ খোৰোং সমূহ উৎখাত নকৰিবলৈ আহ্বান জনায় ।

পূৰ্বসুৰীৰ লগত কোনো সম্পৰ্ক নাই এই ভাইৰাছৰঃ

আইচিএমআৰৰ এক শেহতীয়া গৱেষণাই, Bat Corona Virus ক, বাদুলীৰ দুটা প্ৰজাতিৰ লগত সম্পৰ্ক থকা বুলি নিশ্চিত কৰিছে । কিন্তু বৰ্তমান ত্ৰাসৰ সৃষ্টি কৰি থকা ন'ভেল কৰ'ণা ভাইৰাছ সম্প্ৰতি মানুহৰ মাজতহে বেছিকৈ সংক্ৰমিত হোৱা পৰিলক্ষিত হৈছে । 'মানুহৰ মাজত কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ সম্ভাৱণা বেছি । কিয়নো মানুহে বন্যপ্ৰাণীৰ বাসস্থানসমূহত সঘনাই অনুপ্ৰৱেশ কৰে । এই ভাইৰাছ বাদুলী অথবা আন যিকোনো বন্যপ্ৰাণীৰ পৰাও মনুহলৈ সংক্ৰমিত হ'ব পাৰে ।' কানাডাৰ মেক মাষ্টাৰ বিশ্ববিদ্যালয়ৰ গৱেষক অৰিঞ্জয় বেনাৰ্জীয়ে কয় ।

'বৰ্তমান ভাৰতত প্ৰায় 110 বিধ বাদুলীৰ প্ৰজাতি বিপন্ন হৈ পৰিছে । এই সময়ত এনেধৰণৰ উৰা বাতৰিয়ে বাদুলীক অধিক ক্ষতিগ্ৰস্ত কৰিব পাৰে । চৰকাৰে বাদুলীৰ প্ৰজাতি সমূহ সংৰক্ষণৰ বাবে শীঘ্ৰেই ব্যৱস্থা লোৱা উচিত ।' ভাৰতীয় বাদুলী সংৰক্ষণ ন্যাসৰ অধিকাৰী ৰাজেশ পুট্টাস্বমীয়ে কয় ।

খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত বাদুলীৰ ভূমিকাঃ

কিছু বিজ্ঞানীৰ মতে, গছ অথবা তৃণৰ পৰাগ যোগ আৰু অংকুৰণৰ ক্ষেত্ৰত বাদুলীৰ এক মুখ্য ভূমিকা আছে । বাদুলীয়ে ধান, মাকৈ আৰু আন আন শস্য সমূহৰ ক্ষতি কৰিব পৰা কীট-পতংগ সমূহ খায় আৰু তেনেকৈ অন্ন সুৰক্ষা নিশ্চিত কৰে । এতিয়ালৈকে বাদুলীয়ে প্ৰত্যক্ষভাৱে মানুহৰ ক্ষতি কৰাৰ কোনো নজিৰ নাই ।

ABOUT THE AUTHOR

...view details