অসম

assam

ETV Bharat / bharat

বাইকুল্লা কাৰাগাৰৰ সৈতে জড়িত চিকিৎসকৰ দেহত কৰ'ণা ভাইৰাছ - মুম্বাই

চেন্ট্ৰল মুম্বাইত কৰ'ণাত আক্ৰান্ত হ'ল এজন চিকিৎসক । ইতিমধ্য তেওঁৰ সংস্পৰ্শকৈ অহা লোকসকলক বিচাৰি উলিওৱা হৈছে ৷

Virus: Doctor attached to Mumbai's Byculla Jail tests positive
Virus: Doctor attached to Mumbai's Byculla Jail tests positive

By

Published : May 9, 2020, 8:41 AM IST

মুম্বাই, ৯ মে':বাইকুল্লা কাৰাগাৰত চিকিৎসাত নিয়োজিত হৈ থকা এগৰাকী চিকিৎসকৰ দেহত ধৰা পৰিল কৰ'ণা ভাইৰাছৰ অৱস্থিতি । আনুষ্ঠানিকভাৱে শুকুৰবাৰে এই কথা সদৰী কৰা হৈছে ।

চেন্ট্ৰল মুম্বাইত পোহৰলৈ আহিছে এই ঘটনা । বৰ্তমানে চিকিৎসকজনৰ সংস্পৰ্শলৈ অহা লোকসকলক বিচাৰি উলিওৱা হৈছে । লগতে কোনো কৰাবন্দীৰ সংস্পৰ্শলৈ আহিছিল নেকি চিকিৎসকজন তাৰো পৰীক্ষা কৰা হৈছে । আনহাতে ইয়াৰ পূৰ্বে আৰ্থৰ ৰোড কাৰাগাৰৰ ৭৭ গৰাকী কাৰাবন্দী আৰু কাৰাগাৰৰ ২২ গৰাকী কৰ্মীৰ দেহত ধৰা পৰিছিল COVID-১৯ ৰ অৱস্থিতি ।

দেশত বিভীষিকাৰ ৰূপ ধাৰণ কৰিছে কৰ'ণা ভাইৰাছ মহামাৰীয়ে । দিনক-দিনে বৃদ্ধি পাবলৈ ধৰিছে আক্ৰান্তৰ সংখ্যা । বৰ্তমানলৈকে দেশত ৫৯,৬৯৫ গৰাকী আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্য়ুমুখত পৰিছে ১,৯৮৫ গৰাকী লোক । দেশৰ ভিতৰতে সৰ্বাধিক প্ৰভাৱিত হোৱা ৰাজ্যখন হৈছে মহাৰাষ্ট্ৰ । মহাৰাষ্ট্ৰত বৰ্তমানলৈকে ১৯,০৬৩ গৰাকী আক্ৰান্ত হোৱাৰ বিপৰীতে ৭৩১ গৰাকী লোকৰ প্ৰাণ গৈছে ।

ABOUT THE AUTHOR

...view details