নিউজ ডেস্ক,4 মাৰ্চঃসমগ্ৰ বিশ্বব্যাপি বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছৰ শংকা ৷ ইয়াৰ পৰিণতিত এফালে যদি ইৰাণীয়ানসকলে ঔষধ মজুত বৃদ্ধি কৰিছে আনফালে ইটালীয়ান সকলে অৱসৰপ্ৰাপ্ত চিকিৎসককো চিকিৎসা প্ৰদানৰ বাবে অনুৰোধ কৰিছে ৷ দক্ষিণ কোৰিয়াতো এই ভাইৰাছ নিয়ন্ত্ৰণৰ বাবে মঙলবাৰে যথেষ্ট পৰিমাণৰ ধন মুকলি কৰিছে ৷
বিশ্বব্যাপি ভাইৰাছৰ বিপদঘন্টা মধ্য প্ৰাচ্য, ইউৰোপ, দক্ষিণ কোৰিয়াত এই ভাইৰাছৰ প্ৰভাৱ যথেষ্ট বৃদ্ধি পাইছে ৷ চীনৰ পিছত এতিয়া ঠাইয়ে ঠাইয়ে এনেদৰে বৃদ্ধি পাইছে ভাইৰাছৰ প্ৰভাৱ ৷
আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদ্যালয়সমূহত, পদপথসমূহত চাফ-চিকুণতা সন্দৰ্ভত ধ্যান দিয়াৰ লগতে প্ৰতিষেধকৰ সন্ধান অব্যাহত ৰাখিছে ৷
মঙলবাৰ পৰ্যন্ত দক্ষিণ কোৰিয়াৰ দক্ষিণ-পূব চহৰ ডেগুত আৰু তাৰ আশে পাশে থকা অঞ্চলত নতুনকৈ 851টা ভাইৰাছ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে ৷ ইতিমধ্যে দক্ষিণ কোৰিয়াত পৰীক্ষণৰ ফলত 5,186 পজিটিভ ঘটনা চিহ্নিত হৈছে ৷
চিয়োলৰ ৰাজধানীত কৰ'ণা ভাইৰাছৰ পৰীক্ষণৰ কেন্দ্ৰৰ সঞ্চালন প্ৰক্ৰিয়া তীব্ৰতৰ কৰা হৈছে ৷ য'ত চিকিৎসা কৰ্মীসকলে মূৰৰ পৰা ভৰিলৈকে বগা সুৰক্ষা কৱচ পিন্ধি পৰ্যবেক্ষণ চলাই আছে ৷ দেশখনত ইতিমধ্যে ভাইৰাছৰ ফলত 31 জনলৈ বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা ৷
বিশ্বব্যাপি 90,000তকৈও অধিক লোক এই ভাইৰাছৰ ফলত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুমুখত পৰিছে 31,000 লোক ৷ অন্যান্য 70খন দেশৰ ভিতৰত চীনৰ পিছত ইউক্ৰেইনত প্ৰথম এই ভাইৰাছৰ ঘটনা ৰিৰ্পোট হৈছে ৷
ইফালে চীনত আৰম্ভ হোৱা এই সংক্ৰমিত ভাইৰাছৰ প্ৰভাৱ হ্ৰাস পাই মঙলবাৰে 125টা ঘটনা চিহ্নিত হৈছে ৷ কিন্তু সকলোতকৈ বেছি কৰ'ণা ভাইৰাছত প্ৰভাৱিত এই দেশখনত ভাইৰাছ সংক্ৰমিত মুঠ ঘটনাৰ সংখ্যা 80,151 টা আৰু ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 2,933জন ৷
ইটালীত ভাইৰাছৰ ফলত সংক্ৰমিত হোৱা লোকৰ সংখ্যা 2,036 জনলৈ বৃদ্ধি পাইছে ৷ আমেৰিকাৰ গণনা অনুসৰি 11 খন ৰাজ্যত কমেও 100 টা ঘটনা চিহ্নিত হৈছে ৷ ইফালে ৱাশ্বিংটন ৰাজ্যত ইতিমধ্যে 6জন লোকৰ মৃত্যু সংঘটিত হৈছে ৷
লগতে পঢ়কঃফুটবলাৰ ঐনাম বেম বেম দেৱীৰ কথাৰে