অসম

assam

ETV Bharat / bharat

নিৰ্ভয়া কাণ্ডঃ সৰ্ব্বোচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিব দোষী বিনয়ৰ আৱেদনৰ শুনানি - নিৰ্ভয়া কাণ্ডৰ দোষীৰ ফাচী

সোমবাৰে সৰ্ব্বোচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিব নিৰ্ভয়া কাণ্ডৰ দোষী বিনয় শৰ্মাৰ আৱেদনৰ শুনানি ৷ 1 ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতিয়ে ক্ষমা আবেদন খাৰিজ কৰা সিদ্ধান্তত প্ৰক্ৰিয়াগত ভূল আৰু সাংবিধানিক অনিয়ম নিহিত হৈ আছে বুলি দাবী দোষী বিনয়ৰ ৷

Vinay sharma
সৰ্ব্বোচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিব দোষী বিনয়ৰ আৱেদনৰ শুনানি

By

Published : Mar 16, 2020, 1:22 PM IST

নেশ্বনেল ডেস্ক, 16 মাৰ্চঃ আজি সৰ্ব্বোচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিব নিৰ্ভয়া দলৱদ্ধ ধৰ্ষণ আৰু হত্যা ঘটনাত ফাচীৰ ৰায় প্ৰদান কৰা 4 জন দোষীৰ অন্যতম বিনয় শৰ্মাৰ আৱেদনৰ শুনানি ৷ দোষী বিনয় শৰ্মাই দিল্লীৰ উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে তেখেতৰ ক্ষমা আবেদন খাৰিজ কৰা সিদ্ধান্তত প্ৰক্ৰিয়াগত ভুল আৰু সাংবিধানিক অনিয়ম নিহিত হৈ আছে বুলি দাবী কৰিছিল ৷

এই সন্দৰ্ভত দোষী বিনয় শৰ্মাই শুক্ৰবাৰে উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল আৱেদন ৷ বিনয়ৰ হৈ এই আবেদন তেখেতৰ অধিবক্তা এ পি সিঙে দাখিল কৰিছিল ৷ অধিবক্তাগৰাকীয়ে দাবী কৰা অনুসৰি, এই আবেদন খাৰিজ কৰিবৰ বাবে ৰাষ্ট্ৰপতিৰ ওচৰলৈ প্ৰেৰণ কৰা পত্ৰখনত নাছিল দিল্লীৰ গৃহমন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ চহী ৷ 1 ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে খাৰিজ কৰিছিল বিনয়ৰ ক্ষমা আবেদন ৷

উল্লেখ্য যে, 5 মাৰ্চত দিল্লীৰ দিল্লীৰ এখন আদালতে দেশ জোকাৰি যোৱা এই কাণ্ডৰ চাৰি দোষী ক্ৰমে বিনয় শৰ্মা (26), অক্ষয় কুমাৰ সিং (31), মুকেশ কুমাৰ সিং (32) আৰু পৱন কুমাৰ গুপ্তাক (26) 20 মাৰ্চত ফাঁচিৰ ৰায় প্ৰদান কৰিছিল ৷

ABOUT THE AUTHOR

...view details