নেশ্য়নেল ডেস্ক , ৬ জানুৱাৰী : বিহাৰত সংঘটিত হ’ল এক আজৱ ঘটনা । পাটনাৰ শ্বাহজাহানপুৰৰ ৰাইজৰ আচৰিত কাণ্ডত এতিয়া চৰ্চালৈ আহিছে গাঁওখন । এগৰাকী লোকৰ মৃতদেহ শ্মশান লৈ যোৱাৰ পৰিৱৰ্তে গাঁওবাসীয়ে মৃতদেহটো লৈ গ'ল বেংকলৈ । কেৱল এয়াই নহয় মৃতদেহটো বেংকত থৈ প্ৰতিবাদো সাব্য়স্ত কৰিছে গাঁওবাসীয়ে । কিন্তু কিয় এই কাম কৰিলে গাঁওবাসীয়ে, শুনিলে আপুনিও ভাবিবলৈ বাধ্য় হ’ব ।
আচলতে মৃত ব্য়ক্তিগৰাকীৰ একাউন্টত থকা ধন উদ্ধাৰৰ বাবে কাহানিও নেদেখা এই ঘটনা সংঘটিত কৰিলে গাঁওখনৰ ৰাইজে । মৃত ব্য়ক্তিগৰাকী আছিল ৫৫ বছৰীয়া মহেশ যাদৱ । তেওঁৰ মৃতদেহ সৎকাৰৰ বাবে গাঁওবাসীৰ ধনৰ অভাৱ হৈছিল । কিন্তু মহেশ যাদৱৰ উত্তৰাধিকাৰী কোনা নাছিল বাবে মহেশ যাদৱৰ মৃতদেহটো বেংকলৈ লৈ গৈ ধন উলিওৱাৰ সিদ্ধান্ত লৈছিল গাঁওবাসীয়ে । অকল এয়াই নহয় মহেশৰ মৃতদেহ কানাড়া বেংকৰ শাখাটোলৈ আনি বেংকৰ বিষয়াক মহেশৰ একাউন্টৰ পৰা ধন উলিয়াবলৈও দাবী জনাইছিল গাঁওবাসীয়ে ।
কিন্তু বেংক কৰ্তৃপক্ষই তেওঁলোকৰ সমস্য়াৰ কথা অৱগত কৰি তেওঁলোকৰ দাবী অমান্য় কৰে । বেংক কৰ্তৃপক্ষৰ এই কথাত ক্ষোভিত হৈ গাঁওবাসীয়ে মৃতদেহটো বেংকতে ৰাখি বেংকৰ বাহিৰত প্ৰতিবাদ সাব্য়স্ত কৰে । এই প্ৰতিবাদৰ ফলত বেংকটোত গাঁও পঞ্চায়ত , স্থানীয় আৰক্ষী আৰু বহু লোকে ভিৰ কৰে ।