নিউজ ডেস্ক, 18 জুলাই : কেন্দ্ৰীয় জল শক্তি মন্ত্ৰালয়ে কেন্দ্ৰীয় চৰকাৰৰ জল জীৱন মিছনৰ অধীনত ৰাজ্যসমূহক গাঁও পৰ্যায়ত একোখনকৈ কমিটী গঠন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷ গাঁৱে গাঁৱে বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ এইক্ষেত্ৰত জল আৰু অনাময় কমিটী গঠন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে মন্ত্ৰালয়ে ৷
ইতিমধ্যে এই মিছন ৰাজস্থান, জম্মু-কাশ্মীৰ আৰু অৰুণাচল প্ৰদেশৰ দৰে সীমান্তৱৰ্তী ৰাজ্যসমূহত সফলৰূপে সমাপন কৰা হৈছে ৷ ৰাজ্যকেইখনত গাঁও পৰ্যায়ত জল আৰু অনাময় কমিটী গঠন কৰি এই মিছন ফলৱৰ্তী কৰা হৈছিল ৷
জল জীৱন মিছনৰ দ্বাৰা 2024ৰ ভিতৰত প্ৰতিঘৰ গাঁৱবাসীকে কাৰ্যক্ষম গৃহ টেপ সংযোগ প্ৰদান কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে ৷ ইয়াৰ পূৰ্বে এই কমিটীত মহিলাসকলক অংশগ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশনা প্ৰদান কৰিছিল আৰু এতিয়া স্থানীয় প্ৰশাসনৰ লগতে সমাজৰ দুৰ্বল শ্ৰেণীৰ লোককো এই মিছনত অংশগ্ৰহণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷